ETV Bharat / state

Bajrang Dal Arms trainning: ডিজিপিৰ নিৰ্দেশৰ পিচতে বজৰং দলৰ বিৰুদ্ধে মঙলদৈত ৰুজু গোচৰ

author img

By

Published : Aug 1, 2023, 7:47 AM IST

মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলৰ দ্বাৰা অনুষ্ঠিত মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ ডিজিপিৰ নিৰ্দেশৰ পিচতে মঙলদৈ থানাত ৰুজু হ’ল গোচৰ ৷

case filed against bajrang dal
Bajrang Dal Arms trainning

দৰং, 1 আগষ্ট: আৰক্ষী প্ৰশাসনৰ প্ৰয়োজনীয় অনুমতি অবিহনেই দৰং জিলাৰ মঙলদৈস্থিত মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া বিষয়টোৱে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰাজনৈতিক মহলতো এই বিষয়টোক লৈ ব্যাপক বিতৰ্ক হোৱা দেখা গৈছে ৷ বহুকেইগৰাকী বিৰোধী নেতাই বজৰং দলৰ এই কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অসম আৰক্ষীৰ ভূমিকাক সমালোচনা কৰে ৷

ঘটনাটোৱে বিতৰ্কৰ সৃষ্টি কৰাৰ পাচতেই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে তদন্তৰ নিৰ্দেশ দিছে ৷ টুইটাৰযোগে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে, দৰং জিলাৰ আৰক্ষী অধীক্ষকক এই ঘটনাৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ধাৰাত গোচৰ ৰুজুৰ লগতে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

দৰং আৰক্ষীয়ে বজৰং দলৰ অনুমতি বিহীন অস্ত্ৰ প্ৰশিক্ষণৰ বিৰুদ্ধে মঙলদৈ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 153 A/34 ধাৰাত 357 নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷

বজৰং দলৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি দলৰ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ লখিমপুৰত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি জয়ন্তমল্ল বৰুৱাই কয় যে, ভিতৰলৈকে ভালদৰে নজনাকৈ বিশ্লেষণ কৰাতো ভুল ৷ নিজে 20 দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰথম বৰ্ষ সম্পন্ন কৰা মন্ত্ৰী বৰুৱাই এই বিষয়ে তেওঁতকৈ ভালদৰে কোনেও নাজানে বুলি সাংবাদিকৰ আগত কয় ৷

Reference video related to trainings by Rashtriya Bajrang Dal at Maharashi Bidya Mandir, Mangaldai a case has been registered vide Mangaldai PS case no 357 U/S 153A/34 IPC.@CMOfficeAssam @assampolice @DGPAssamPolice @gpsinghips

— Darrang Police (@Darrang_Police) July 31, 2023

তেওঁ কয় যে ৰাষ্ট্ৰ তথা আত্মৰক্ষাৰ বাবে যি প্ৰচেষ্টাৰ প্ৰয়োজন, সেই প্ৰচেষ্টা এনে প্ৰশিক্ষণে দিয়ে ৷ মঠ-মন্দিৰ সমুহ সুৰক্ষিত কৰাৰ বাবে এনে ব্যৱস্থাৰ প্ৰয়োজন ৷ নিজৰ সুৰক্ষাৰ বাবে এনে প্ৰশিক্ষণৰ প্ৰয়োজন বুলি উল্লেখ কৰি এয়া সনাতন সংস্কৃতিয়ে শিকোৱা কথা বুলি কয় মন্ত্ৰী বৰুৱাই ৷ ইয়াৰ লগতে মঙলদৈৰ প্ৰশিক্ষণৰ ফটো, ভিডিঅ’ৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া গাৰ নোম শিঁয়ৰি উঠা ভয়াৱহ ভৱিষ্যতৰ ইংগিত বুলি আখ্যা দিয়ে ৷ তেওঁ কয়, ‘‘দৰং জিলাৰ মঙলদৈত এখন বিদ্যালয়ত মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ দিছে বজৰং দলে৷ দৰং জিলাৰ আৰক্ষী অধীক্ষকক সোধোতে তেওঁলোকৰ হাতত তেনে কোনো তথ্য নাই বুলি জনাইছে৷ সমুখত ২০২৪ৰ নিৰ্বাচন আহি আছে ৷ তেনে সময়তে আৰক্ষীৰ অনুমতি নোলোৱাকৈ আৰ্মছ লৈ প্ৰশিক্ষণ দিয়া বা ৰাস্তাত বেনাৰ লৈ শোভাযাত্ৰা কেনেকৈ কৰিব পাৰে ? এয়া কেনেকুৱা এক সংকেত আহি আছে ?”

লগতে পঢ়ক: Bajrang Arms training: আৰক্ষীৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰঙৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ! চৰকাৰক তুলাধুনা মীৰা বৰঠাকুৰৰ

আৰক্ষীক কঠোৰ সমালোচনা কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘আৰক্ষী-প্ৰশাসনৰ অনুমতি নোলোৱাকৈ SP-DGPৰ নাকৰ তলতে মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ চলিছে৷ আইন-শৃংখলাৰ ওপৰত নিয়ন্ত্ৰণ নাই আৰক্ষীৰ ৷ CAA আন্দোলনৰ সময়ত ৩ জন নিৰীহ লোকক মাৰিবলৈ ১ মিনিট সময় নালাগিল অসম আৰক্ষীৰ৷ কিন্তু মঙলদৈত আৰক্ষীৰ অনুমতি বিহনে কেনেকৈ বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ চলিল ?”

ইফালে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰায়ো এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে, অসমক অশান্ত কৰাৰ প্ৰচেষ্টা কৰিছে ‌বিজেপি দলে । অসমত মণিপুৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা কৰিছে গেৰুৱা বাহিনীয়ে ।" আৰক্ষী অধীক্ষকৰ সন্মিলনৰ দ্বাৰা গৃহ বিভাগে অসম আৰক্ষী সবলীকৰণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি ইয়াৰ পিচতো আৰক্ষীৰ নাকৰ তলতেই কিদৰে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ চলিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই ।

তেওঁ লগতে কয় যে, সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা শব্দ লিখিলেও ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কিন্তু মঙলদৈত মুকলিকৈ চলা অস্ত্ৰ প্ৰশিক্ষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব পৰা নাই আৰক্ষীয়ে । আনহাতে, এনকাউণ্টৰৰ প্ৰসংগটো টানি আনি ৰিপুন বৰাই কয় যে, মুখ্যমন্ত্ৰীৰ এনে কাৰ্যৰ বিৰোধিতা কৰিবলৈ সাহস নাই বুলি ৷ এই প্ৰশিক্ষণে সাম্প্ৰদায়িক অশান্তিৰ লগতে আইন শৃংখলাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ৷

ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই কাৰ্যক চৰকাৰী পৃষ্ঠপোষকতাত চলা হিন্দু মৌলবাদ আখ্যা দিছে ৷ মহৰ্ষি বিদ্যা মন্দিৰত চলা বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণে মণিপুৰৰ দৰে অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অসমক এক ভয়াৱহ দিশলৈ লৈ গৈছে বুলি গগৈয়ে মন্তব্য কৰে । দৰঙৰ আৰক্ষী অধীক্ষকৰ মৌন সমৰ্থনত মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত এনেদৰে বন্দুকৰ প্ৰশিক্ষণ চলিছিল বুলিও অভিযোগ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: Bajrang arms taining: বজৰং দলক নিষিদ্ধ কৰাৰ দাবী AIUDF বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.