ETV Bharat / state

বিপিএফে আন্দোলনৰ নামত নাটক কৰিছেঃ ইউ.পি.পি.এল

author img

By

Published : Oct 7, 2020, 8:42 AM IST

বিটচিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলে দাবী জনাই অহা পৰিলক্ষিত হৈছে ৷ তাৰমাজতে ইউ.পি.পি.এলে বি.পি.এফেৰ বিৰুদ্ধে সৰৱ হৈ মন্তব্য প্ৰকাশ কৰে যে, বিপিএফে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আন্দোলনৰ নামত নাটক কৰিছে ৷

BPF AND UPPL CONFLICT AT BTC ELECTION
বিপিএফে আন্দোলনৰ নামত নাটক কৰিছেঃ ইউ পি পি এল

দৰং,7অক্টোবৰঃ বিটিচিত সম্প্ৰতি ৰাজ্যপালৰ শাসন অব্যাহত থকাৰ মাজতে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজৈনিক দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ মঙলবাৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱত ইউ.পি.পি.এলেও নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিজ দলৰ প্ৰচাৰ অভিযান অব্যাহত ৰখা দেখিৱলৈ পোৱা গৈছে ৷

উল্লেখযোগ্য যে, 32 নং ভেৰগাঁও সমষ্টিৰ বুদুৰা গাঁও খেল পথাৰত অনুষ্ঠিত হোৱা ইউ.পি.পি.এল দলৰ নিৰ্বাচনী সভাত দেখা পোৱা গ'ল বিশাল জন সমাগম। ইউ.পি.পি.এলৰ প্ৰাৰ্থী দাওবৈচা বড়োৰ সমৰ্থনত ওলাই আহিল দলীয় কৰ্মীৰ লগতে ৰাইজ। আনহাতে ইউ.পি.পি.এলৰ প্ৰাৰ্থী দাওবৈচা বড়োয়ে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বি.পি.এফে কৰি থকা ধাৰাবাহিক আন্দোলনক আখ্যা দিয়ে নাটক বুলি। লগতে তেঁও কয় যে, বি.পি.এফে চৰকাৰত মন্ত্ৰীত্ব গ্ৰহণ কৰি থকাৰ পিছতো ৰাইজক আকৰ্ষণ কৰিবলৈহে আন্দোলন কৰি আছে ।

ইপিনে ইউ.পি.পি.এল দলেও শীঘ্ৰে বিটিচি নিৰ্বাচন অনুস্থিত কৰাটো বিচাৰে বুলি কয় দাওবৈচা বড়োয়ে । দাওবৈচা বড়োয়ে মন্তব্য প্ৰকাশ কৰি বিপিএফ দলে ১৭ বছৰে এখন ডিস্ক’ চৰকাৰ চলোৱা বুলি কতাক্ষ কৰে । আনহাতে ইউ.পি.পি.এল দলে বিটিআৰ চুক্তি আখৰে আখৰে ৰূপায়ন হ’ব লাগে বুলি উল্লেখ কৰা দেখা গল ।

লগতে পঢ়কঃ গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্বহীদ মোজাম্মিল হকক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.