ETV Bharat / state

মংগলদৈত আৰ এছ এছৰ উদ্যোগত ৰক্তদান শিবিৰ

author img

By

Published : Jun 1, 2020, 4:27 AM IST

বিশ্বজুৰি কৰ'ণা মহামাৰীয়ে ত্ৰাস সৃষ্টি কৰা সময়ত হোৱা দীৰ্ঘদিনীয়া লক্ ডাউনৰ বাবে চিকিৎসালয় সমূহত থকা ব্লাড বেংকত তেজৰ অভাৱ পৰিলক্ষিত হৈছে । যাৰ কাৰণে বহু সময়ত সংকটজনক অৱস্থাত চিকিৎসালয় সমূহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

blood donation camp held by rss in mangaldoi

দৰং, ৩১ মে' : ধঁপাত বিৰোধী দিৱস উপলক্ষে আৰ এছ এছৰ উদ্যোগত আৰু নেশ্যনেল মেডিকেল সংস্থাৰ অসম শাখাৰ লগতে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত ৰক্ত ধাৰাই আয়োজন কৰে দৰং ৰক্তদান শিবিৰ ৷ এই বিনামূলীয়া ৰক্তদান শিবিৰত শতাধিক লোকে ৰক্তদান কৰিছে বুলি জানিবলৈ দিয়ে ৰক্ত ধাৰাৰ দৰং জিলাৰ সংযোজক কুমাৰেশ দত্তই ।

blood donation camp held by rss in mangaldoi
মংগলদৈত আৰ এছ এছৰ উদ্যোগত ৰক্তদান শিবিৰ

ৰক্তদাতা সকলক সমিতিৰ ফালৰ পৰা একোখন কৈ ফুলাম গামোচা আৰু ঔষধি গছৰ পুলি প্ৰদান কৰা হয় । এই ৰক্তদান শিবিৰত মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ পত্নী তথা বিক্ৰী কৰ বিষয়া লীনা দাসেও প্ৰথমবাৰৰ বাবে ৰক্তদান কৰে। অনুষ্ঠানত মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মংগলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, আৰ এছ এছৰ নগৰ সংঘচালক তুষাৰ শইকীয়া, জিলা প্ৰচাৰক গোবিন্দ তাঁতি, নগৰ কাৰ্যবাহী বিপ্লৱ ডেকা, বিশ্ব হিন্দু পৰিষদৰ জিলা সম্পাদক গৌৰৱ ডেকা ৰজা, কাৰ্যকৰী সভাপতি বিশ্বজিৎ শৰ্মা, স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ পৰিচালক ডাউদ আলি উপস্থিত থাকে ৷

লগতে পঢ়ক : ক'ভিড ১৯ : দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.