ETV Bharat / state

বাংলাদেশত বন্দী দৰঙৰ মুকুল হাজৰিকা

author img

By

Published : May 9, 2019, 1:44 PM IST

Updated : May 9, 2019, 2:02 PM IST

বাংলাদেশৰ ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত বিশ্বদীপ দে'য়ে  লোকজন বাংলাদেশৰ এটা কাৰাগাৰত বন্দী হৈ থকাৰ বিষয়ে বিগত 5 মে'ত পত্ৰযোগে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিবক জনায় ৷ অৱশ্যে কি কাৰণত দৰঙৰ এই লোকজনক বাংলাদেশৰ কাৰাগাৰত বন্দী কৰোৱা হ'ল বৰ্তমানলৈ জানিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী৷

বাংলাদেশত বন্দী অসমৰ যুৱক

মঙলদৈ, 9 মে' : বাংলাদেশৰ কাৰাগাৰত বন্দী জীৱন কটাইছে এজন অসমীয়াই ৷ সুদীৰ্ঘ তিনিবছৰে বাংলাদেশৰ কাৰাগাৰৰ কুঠৰীত বন্দী হৈ আছে মঙলদৈৰ কেওটপাৰাৰ মুকুল হাজৰিকা নামৰ লোকজনে ৷

বাংলাদেশত বন্দী অসমৰ যুৱক

তিনিবছৰৰ পূৰ্বে মঙলদৈৰ জনাৰাম চৌকাৰ সমীপৰ কেওটপাৰাৰ পৰা নিৰুদ্দেশ হৈছিল তিনিসন্তানৰ পিতৃ মুকুল হাজৰিকা ৷ বহু বিচাৰ-খোচাৰ কৰাৰ অন্ততো পৰিয়ালৰ লোকে শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল লোকজনৰ ৷ উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছিল নিৰুদ্দিষ্ট মুকুল হাজৰিকাৰ পিতৃ ফুলেশ্বৰ হাজৰিকা ৷ কিন্তু আৰক্ষীয়েও দিব পৰা নাছিল যুৱকজনৰ কোনো সন্ধান ৷

কিন্তু বাংলাদেশৰ ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত বিশ্বদীপ দে'য়ে লোকজন বাংলাদেশৰ এটা কাৰাগাৰত বন্দী হৈ থকাৰ বিষয়ে বিগত 5 মে'ত পত্ৰযোগে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিবক জনায় ৷ অৱশ্যে কি কাৰণত দৰঙৰ এই লোকজনক বাংলাদেশৰ কাৰাগাৰত বন্দী কৰোৱা হ'ল বৰ্তমানলৈ জানিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী৷

as_drg_bangladesh jail_vis01_as10006
FTP KARISO. VIS01_BYTE 02
তিনিবছৰে নিৰুদৃষ্ট মঙ্গলদৈৰ যুৱক বাংলাদেশৰ কাৰাগাৰত ।

মঙ্গলদৈৰ পৰা সুদীৰ্ঘ তিনি বছৰ সন্ধানহীন হৈ থকা তিনি সন্তানৰ পিতৃ এজন বাংলাদেশৰ কাৰাগাৰত আবদ্ধ হৈ থকা ঘটনাই সমগ্ৰ মঙ্গলদৈতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । বাংলাদেশৰ ঢাকাস্থিত ভাৰতীয় উচ্চ আয়ুক্ত বিশ্বদীপ দে'ই অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিবলৈ যোৱা ৫ মে তাৰিখে প্ৰেৰণ কৰা পত্ৰ (DAC/CONS/411/03/2019) পৰাই মঙলদৈ থানাৰ অন্তৰ্গত জনাৰামচৌকাৰ সমীপৰ কেওঁট পাৰা গাঁওৰ ফুলেশ্বৰ হাজৰিকা আৰু বিমলা হাজৰিকাৰ পুত্ৰ মুকুল হাজৰিকা সম্প্ৰতি বাংলাদেশৰ ফেনী কাৰাগাৰত  বন্দী হৈ থকাৰ কথা গম পোৱা গৈছে। পত্ৰ খনত অৱশ্যে কি গোচৰত যুৱক জন কাৰাগাৰত বন্দী হৈ আছিল সেই কথা উল্লেখ নাই । ইতিমধ্যে এই পত্ৰ খন মঙ্গলদৈ থানালৈ প্ৰেৰণ কৰিছে ।
BYTE,1. Father
2.Mrs

Debabrat goswami. Darrang
Last Updated : May 9, 2019, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.