ETV Bharat / state

"ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙলদৈত উপস্থিত অভিনেতা যতীন বৰা - ৰত্নাকৰ

শুকুৰবাৰে "ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙলদৈত উপস্থিত হয় অভিনেতা যতীন বৰা পত্নী নৱনীতা শৰ্মা, হৃষিকেশ ভট্টাচাৰ্যসহ জে.বি প্ৰডাকচনৰ কেইবাগৰাকীও কৰ্মকৰ্তা ৷ মঙলদৈত উপস্থিত হৈ অসমৰ স্বানামধন্য নাট্যকাৰ হেমন্ত শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ’খাপলাং কাই’ খ্যাত প্ৰয়াত ৰাহুল দাসৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পত্নীক সম্বৰ্ধনা জ্ঞাপনৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে ৷

ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি
ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি
author img

By

Published : Oct 16, 2020, 5:39 PM IST

দৰং, 16 অক্টোবৰ: অসমৰ সফল ব্যৱসায়িক ছবি "ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে শুকুৰবাৰে মঙলদৈ চহৰত উপস্থিত হয় অভিনেতা যতীন বৰা পত্নী নৱনীতা শৰ্মা, হৃষিকেশ ভট্টাচাৰ্যসহ জে.বি প্ৰজাকচনৰ কেইবাগৰাকীও কৰ্মকৰ্তা ৷ জে.বি প্ৰডাকচনৰ তৰফৰ পৰা মঙলদৈৰ ভেবাৰঘাট নিবাসী অসমৰ স্বনামধন্য নাট্যকাৰ হেমন্ত দত্তৰ বাসগৃহত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অসমৰ নাট্য জগতলৈ হেমন্ত শৰ্মাই আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে জে.বি প্ৰডাকচনে ৷

"ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙলদৈত উপস্থিত অভিনেতা যতীন বৰা

পৰৱৰ্তী সময়ত তেওঁলোক মঙলদৈ চহৰ নিবাসী খাপলাং কাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ বাসগৃহত উপস্থিত হৈ ৰাহুল দাসৰ পত্নী মহিলা দাসক সম্বৰ্ধনা জনোৱাৰ লগতে, কিছু আৰ্থিক সাহায্য প্ৰদান কৰে ৷ উল্লেখ্য যে, ৰাহুল দাসৰ মৃত্যুৰ পাচৰে পৰাই তেওঁৰ পৰিয়ালে বহু অভাৱ-অনাটনৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ এই সম্পৰ্কে ভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বাতৰি ৷

লগতে পঢ়ক: তামুলপুৰ আছুৰ বাৰ্ষিক অধিবেশনত হিমন্ত বিশ্বক কটাক্ষ লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.