মঙলদৈ, ২১ মেঃ গিনিচ বুক ৰেকৰ্ডৰ লক্ষ্ৰেয এগৰাকী যুবতী ৷ যুবতীগৰাকীৰ নাম জ্যোতি ৰংগোলা । চাইকেল চলাই সমগ্ৰ দেশ ভ্ৰমণ কৰিব বিচাৰিছে জ্যোতি ৰংগোলাই ৷ বুকুত অদম্য সাহস আৰু সপোন লৈ অকলে অন্ধ্ৰ প্ৰদেশৰ পৰা চাইকেল চলাই যুৱতীগৰাকী মঙলবাৰে উপস্থিত হয় দৰং জিলাত ৷ ২০১৭ বৰ্ষতে এই লক্ষ্যৰে ওলাই অহা জ্যেতি ৰংগোলাই ১০,০০০ কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত দিল্লীত এক দুঘটনাত পতিত হৈ দুবছৰ চিকিৎসাৰ অন্তত পুনৰ একেই উদ্দেশ্যৰে আৰম্ভ কৰে চাইকেল যাত্ৰা ৷ বৰ্তমানলৈকে জ্যোতি ৰংগোলাই ১৭ খন ৰাজ্য ভ্ৰমণ কৰাৰ লগতে ১৪,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে ৷ দৈনিক ১০০ পৰা ১২০ কিলোমিটাৰ চাইকেল চলায় যুৱতীগৰাকীয়ে ৷
চাইকেলেৰে ভাৰত ভ্ৰমণত এগৰাকী যুৱতী - জ্যোতি ৰংগোলা
বৰ্তমানলৈকে জ্যোতি ৰংগোলাই ১৭ খন ৰাজ্য ভ্ৰমণ কৰাৰ লগতে ১৪,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে ৷ দৈনিক ১০০ পৰা ১২০ কিলোমিটাৰ চাইকেল চলায় যুৱতীগৰাকীয়ে ৷