ETV Bharat / state

আৰ্থিক দূৰাৱস্থা এতিয়া হেঙাৰ হৈ পৰিছে মেধাৱী ছাত্ৰ বিতোপনৰ বাবে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফলে চিন্তাত পেলাইছে বিতোপনৰ অভিভাৱকক ৷ উচ্চ শিক্ষাৰ বাবেও তলি উদং বিতোপনৰ অভিভাৱকৰ ৷ পুত্ৰৰ ভৱিষ্যতৰ সপোন বাস্তৱত ৰূপায়ন কৰাৰ বাবে সহায় ভিক্ষা বিচাৰিছে কোনো সদাশয় ব্যক্তিৰ আৰু চৰকাৰক৷

etv bharat
author img

By

Published : May 17, 2019, 4:19 AM IST

দৰং, 17 মে’: ন্যূনতম সা-সুবিধাৰ মাজেৰেই সফলাক আজুৰি আনিলে দিপীলাৰ এজন মেধাৱী ছাত্ৰই । দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই মেধাৰ তালিকাত উজলি উঠিছে দৰঙৰ ভেৰুৱাদল গাঁৱৰ বিতোপন শৰ্মা । শেহতীয়াকৈ ঘোষনা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ সহ বিতোপনে লাভ কৰিছে ৮৯ % ৷

পিছে বিতোপনৰ সফলতাত পিতৃ-মাতৃ আনন্দিত যদিও বিতোপনৰ উচ্চ শিক্ষাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে তেওঁলোক ৷ কাৰণ, বিতোপনৰ দেউতাক এখন ভেন্সাৰ স্কুলৰ শিক্ষক ৷ বিগত বিশ বছৰে বিনা বেতনৰ চাকৰিটোৰে বিতোপনৰ শিক্ষাই নহয় ঘৰখনো চলাব নোৱাৰে তেওঁ ৷ বিনা বেতনে ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি দিশহাৰা হৈ পৰা বিতোপনৰ পিতৃ গোলোক শৰ্মাই ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দি আহিছে ৷ কিন্তু কিতাপ বেচি গোটোৱা সামান্য টকাখিনিৰে পেটৰ ভোকেই গোচাব নোৱাৰে পৰিয়ালটোৱে ৷ বহুসময়ত লঘোণে থাকিবলগীয়া পৰিস্থিতি হয় বিতোপনৰ ঘৰত ।

আৰ্থিক দূৰাৱস্থা এতিয়া হেঙাৰ হৈ পৰিছে মেধাৱী ছাত্ৰ বিতোপনৰ বাবে

অপ্ৰাদেশীকৃত পশ্চিম দৰঙ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা বিতোপনে ভৱিষ্যতে চিকিৎসক হ’ব বিচাৰে ৷ কিন্তু ভাত সাজৰ কথা চিন্তা কৰিব লগীয়া হোৱা পিতৃয়ে পুত্ৰৰ উচ্চ শিক্ষাৰ খৰচ কেনেকৈ বহন কৰে? ইমানখিনি প্ৰত্যাহ্বানৰ পাচতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বিতোপনৰ ভৱিষ্যতটো ইয়াতে যাতে স্থবিৰ হৈ নপৰে তাৰ বাবে শুভাকাংশীৰ সহায়ৰ হাতৰ অপেক্ষাত বিতোপনৰ অভিভাৱক ৷ সন্তানক সপোন বাস্তৱ হোৱাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি কৰযোৰে গোহাঁৰি জনাইছে সদাশয় ব্যক্তি তথা চৰকাৰ লৈ ৷

as_drg_poor student_byte_as10006【FTP】

Anchor: চৰম দৰিদ্ৰতাৰ মাজেৰেই উজলি উঠিছে দিপীলাৰ এজন মেধা ছাত্ৰ। ভেন্সাৰ স্কুলৰ শিক্ষকৰ সন্তানৰ উন্নত ফলাফলে আনন্দৰ পৰিবৰ্তে আনিছে দুখৰ জোৱাৰ। সন্তানৰ সপোনক বাস্তৱত ৰূপ দিবলৈ অপাৰগ পিতৃ মাতৃৰ সন্মুখত এখন সমস্যাৰ ওখ দেৱাল।

V/O: দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই মেধাৰ তালিকাত উজলি উঠিছে দৰঙৰ ভেৰুৱাদল গাঁওৰ বিতোপন শৰ্মা। ভূমিহীন পৰিয়ালৰ সন্তান বিতোপন শৰ্মাৰ ফলাফলে অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ। পিছে ছয়টা বিষয়ত লেটাৰ সহ ৮৯ শতাংশ নম্বৰ লাভ বিতোপনৰ এই খবৰে দুঃচিন্তাত পেলাইছে অভিভাৱকক। বিগত ত্ৰিশ  বছৰে বিনা বেতনে ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি দিশহাৰা হৈ পৰা বিতোপনৰ পিতৃ গোলোক শৰ্মাই ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দি আহিছে যদিও  বহুসময়ত লঘোণেও থাকিবলগীয়া পৰিস্থিতি হয়। অপ্ৰাদেশীকৃত পশ্চিম দৰঙ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা বিতোপনে ভৱিষ্যতে  চিকিৎসক হোৱাৰ সপোন পূৰাবলৈ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব বিচাৰিছে যদিও আৰ্থিক দৰৱস্থাই হেঙাৰ হৈ পৰিছে। সুভকাংক্ষী আৰু শিক্ষানুৰাগী ৰাইজে সহায় সহযোগিতা আগবঢ়ালে নিশ্চয় ছাত্ৰ গৰাকীৰ সপোনে বাস্তৱ ৰূপ পাব বুলি আশা কৰি ৰাইজ তথা চৰকাৰ লৈ গোহাঁৰি জনাইছে অভিভাৱকে।

Byte_as_drg_poor student_byte_as10006【মাক,পুৰ্ত্ৰ,দেউতাক】
Debabrat goswami. DARRANG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.