ETV Bharat / state

আৰক্ষীৰ জালত কিডনী ব্যৱসায়ী চক্ৰৰ অন্যতম অভিযুক্ত নিতু দাস - kidney

মৰিগাঁৱৰ দক্ষিণ ধৰমতুলৰ মানৱ শৰীৰৰ অংগৰ ব্যৱসায় (illegal organ trading)ৰ সৈতে জড়িত ইজনৰ পিছত সিজন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ, বৃহস্পতিবাৰে নিশা দৰং জিলাৰ দলগাঁৱৰ পৰা মৰিগাঁও আৰক্ষীয়ে আটক কৰিলে অন্যতম অভিযুক্ত নিতু দাসক ৷

As_Dalgaon_16July_Dalgaon_Arrest _801_806_Abdul_Hakim_10064_
আৰক্ষীৰ জালত কিডনী ব্যৱসায়ী চক্ৰৰ অন্যতম অভিযুক্ত নিতু দাস
author img

By

Published : Jul 17, 2021, 10:19 AM IST

দলগাঁও, 17 জুলাই : ৰাজ্য কপাই যোৱা মানৱদেহৰ অংগৰ ব্যৱসায় (illegal organ trading)ত জড়িত দালাল চক্ৰ নলবাৰী, মৰিগাঁৱৰ লগতে সক্ৰিয় হৈ আছে দৰং জিলাৰ দলগাঁৱত ৷ দৰঙৰ দলগাঁৱত বাহৰ পাতি আছিল দালাল চক্ৰটোৰ এজন অন্যতম অভিযুক্তই ৷ বৃহস্পতিবাৰে নিশা দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক(DSP) প্ৰাঞ্জল বৰাৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে (Morigaon Police)অভিযুক্তজনক বিচাৰি অভিযান চলায় ৷

মৰিগাঁও আৰক্ষীয়ে মানৱ অংগ সৰবৰাহ কৰাৰ অভিযোগত দলগাঁও নগৰৰ পাশ্বৱৰ্তী অঞ্চল ঢেকেৰিগাঁৱৰ নিতু দাস নামৰ লোকজনক আটক কৰে ৷ মাজনিশা মৰিগাঁও আৰক্ষীয়ে আটক কৰে মানৱ অংগ সৰবৰাহকাৰী নিতু দাসক । ধৃত নিতু দাসক আটক কৰি মৰিগাঁৱলৈ নিয়ে আৰক্ষীয়ে ৷

উল্লেখ্য যে, মৰিগাঁৱৰ দক্ষিণ ধৰমতুলৰ এগৰাকী অসহায় লোকে নিজৰ সন্তানৰ চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি এই চক্ৰটোৰ জালত ভৰি দিছিল ৷

পাঁচ লাখ টকা আৰু সন্তানৰ চিকিৎসা ব্যয়ৰ বিনিময়ত নিজৰ এটা কিডনী বিক্ৰীৰ (kidney sale) বাবে সৈমত হৈছিল অসহায় লোকজন ৷ পৰৱৰ্তী সময়ত চক্ৰটোৱে প্ৰথমে গুৱাহাটীলৈ নি যাৱতীয় কথা বতৰা পাতি লৈছিল লোকজনৰ সৈতে ৷ পিছত কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়লৈ নি লোকজনৰ কিডনী উলিয়াই ডেৰলাখ টকা দি পৰৱৰ্তী সময়ত বাকী ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে পঠিয়াই দিছিল ৷

কিন্তু, কিডনী (kidney) উলিওৱাৰ পিছত তেওঁক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায় চক্ৰটোৱে ৷ নিজৰ সন্তানৰ চিকিৎসা ব্যয়ৰ নামত হোৱা প্ৰতাৰণাত ক্ষুব্ধ হৈ মুখ খোলে লোকজনে ৷ ইয়াৰ পিছতে চক্ৰটোৰ মাষ্টাৰ মাইণ্ড লিলিমাই বড়োৱে আন লোকক জালত পেলাব গৈ গাঁওৰক্ষী বাহিনী তথা আৰক্ষীৰ হাতত ধৰা পৰে ৷ তাৰ পিছতে ইজনৰ পিছত সিজনকৈ ধৰা পৰিছে চক্ৰটোৰ সৈতে জড়িত লোক সকল ৷ ইয়াৰে অন্যতম অংশ আছিল ধৃত নিতু দাস ৷

লগতে পঢ়ক : স্বাধীনতা দিৱসলৈকে দিল্লীত ড্ৰোণ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন উৰুওৱা নিষিদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.