দৰং, 5 ছেপ্টেম্বৰ : গৰুৰ লগতে চুপাৰী ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে আমছু নেতাৰ বিৰুদ্ধে ৷ সংখ্যালঘু সম্প্ৰাদায়ৰ লোকৰ ওপৰত দালালি কৰি কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়াৰো অভিযোগ উত্থাপিত হৈছে আমছু নেতাৰ বিৰুদ্ধে ৷ ৰেজাউল কৰিম সৰকাৰ পন্থী আমছু গোটৰ বিৰুদ্ধে এই অভিযোগ কৰিলে আমছুৰ আনটো গোটৰ সভাপতি ইকবাল হুছেইনে ৷
ৰেজাউল কৰিম সৰকাৰ পন্থী আমছু গোটক ভুৱা সংগঠন আখ্যা দি আমছুৰ গোটতো এতিয়া কেৱলমাত্ৰ মাত্ৰ ছিণ্ডিকেট চলোৱা সংগঠন হৈ পৰা বুলিও মন্তব্য কৰে ইকবাল হুছেইনে ৷ ৰেজাউল কৰিম সৰকাৰ পন্থী আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আৰু উপ সভাপতি আব্দুল ৰহমান বিশ্বাসে সংখ্যালঘু লোকক দালালি কৰি বিশাল সম্পত্তি গঢ়াৰো অভিযোগ কৰে ইকবাল হুছেইনে ৷
ইফালে, দুয়ো গৰাকী নেতাই জুৱা, বাল্যবিবাহ আদিৰ সৈতে জড়িত লোকৰ পৰা ধন লোৱাৰ অভিযোগ কৰিছে হুছেইনে ৷
ইয়াৰ উপৰিও গৰু আৰু চুপাৰীৰ ক্ষেত্ৰত অসমত বৃহৎ ছিণ্ডিকেট চলি থকাৰো অভিযোগ কৰিলে আমছু নেতাজনে ৷ লগতে ধলপুৰৰ উচ্ছেদিত লোক সকলৰ পৰা বৃহৎ ধন সংগ্ৰহ কৰাৰ বিষয়েও মঙলদৈত অনুষ্ঠিত সংবাদ মেলত অভিযোগ আনে আমছুৰ সভাপতি ইকবাল হুছেইনে । উল্লেখযোগ্য যে, দুভাগত বিভাক্ত আমছুৰ দুই গোটৰ মাজত এতিয়া সঘনাই বোকা চটিওৱাৰ খেল সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে ৷ প্ৰায়েই দুই গোটৰ নেতা সকলে ইটোৱে সিটো গোটক উদ্দেশ্য কৰি কৰিছে বিস্ফোৰক মন্তব্য ৷
লগতে পঢ়ক : AJP ৰ আহ্বানত গুৱাহাটীলৈ আহিব মহাৰাজা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মন