ETV Bharat / state

গুণোৎসৱৰ সময়তে দশম শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ: শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ

author img

By

Published : May 14, 2022, 7:56 PM IST

শ্ৰেণীকোঠাত এগৰাকী ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত এগৰাকী শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে দৰঙত (Allegation against teacher in Darrang) ৷ গুণোৎসৱৰ (Gunotsav Assam 2022) সময়ছোৱাতে সংঘটিত এই ঘটনা ৷

allegation-against-teacher-at-dahi-higher-secondary-school-in-darrang
গুণোৎসৱৰ সময়তে দশম শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ, শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ

দৰং, 14 মে’: বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022) ৷ ৰাজ্যৰ প্ৰায় সংখ্যক চৰকাৰী বিদ্যালয়কত শৈক্ষিক দিশৰ আন্তঃগাঠনিৰ মান নিৰূপণ কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই গুণোৎসৱ ৷ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা দহখন জিলাত গুণোৎসৱৰ আজি চতুৰ্থটো দিন ।

এই গুণোৎসৱ চলি থকাৰ মাজতে দৰঙৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা ৷ শিক্ষক এগৰাকীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এজন ছাত্ৰক ৷ এই ঘটনা সংঘটিত হৈছে মঙলদৈৰ ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Dahi Higher Secondary School in Darrang) ৷

অভিযোগ অনুসৰি, বিদ্যালয়খনত তৃতীয় দিনাৰ গুণোৎসৱ চলি থকাৰ সময়তে দশম শ্ৰেণীৰ ছাত্ৰ ৰিয়াজুল ইছলামক বিদ্যালয়খনৰ এজন শিক্ষক পংকজ বৰ্মনে হুলস্থূল কৰাৰ বাবে নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ এই ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালৰ লোকে শিক্ষকগৰাকীৰ বিৰুদ্ধে মঙলদৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে (Allegation against teacher in Darrang) ৷

আনহাতে ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ অভিভাৱকে বিদ্যালয়খনৰ অধ্যক্ষাগৰাকীক প্ৰথমতে অভিযোগ দিছিল যদিও অধ্যক্ষাগৰাকীয়ে কোনো সু-বিচাৰ নকৰি সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰজনৰ পৰিয়ালৰ লোকে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : মৰাণত অন্ধকাৰ শ্ৰেণীকোঠা : বিদ্যালয়ৰ বাৰান্দাত চলিছে গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.