ETV Bharat / state

বিটিচি নিৰ্বাচন সম্পৰ্কত চিলাৰায় ভৱনত আক্ৰাছুৰ সংবাদমেল - AKRSU on BTC election

বিটিচি নিৰ্বাচন সম্পৰ্কত আক্ৰাছুৰ সংবাদমেল ৷ কোনো দলকে সমৰ্থন জনোৱা নাই বুলি প্ৰকাশ আক্ৰাছুৰ সভাপতি কৰমেশ্বৰ ৰায়ৰ ৷

উপস্থিত বহু সদস্য
চিলাৰায় ভৱনত আক্ৰাছুৰ সংবাদমেল
author img

By

Published : Jun 30, 2020, 12:01 PM IST

দৰং, 30 জুন : সমাগত বিটিচি নিৰ্বাচন সন্দৰ্ভত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে সোমবাৰে মঙলদৈ চিলাৰায় ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলত উপস্থিত থাকে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি কৰমেশ্বৰ ৰায়, যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা আৰু জীৱেশ ৰায় ৷

বিটিচি নিৰ্বাচন সম্পৰ্কত চিলাৰায় ভৱনত আক্ৰাছুৰ সংবাদমেল

সংবাদমেলত উপস্থিত থাকি আক্ৰাছুৰ নেতৃবিন্দই কয় যে, কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ দায়িত্বত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনে ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত আভুৱা ভাৰি আহিছে । 2021 চনৰ বিধানসভা নিৰ্বাচনত কোচ ৰাজবংশী লোকসকল একত্ৰিত হৈ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ দিয়ে আক্ৰাছুয়ে । কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণেই তেওঁলোকৰ মূল ইচ্যু বুলি কৈ এই ক্ষেত্ৰত তেওঁলোকে আপোচ নকৰে অন্যথা আন্দোলন তীব্ৰতৰ কৰিব বুলি সদৰী কৰে ।

বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশী সকলক সকলো ফালৰ পৰা আঘাত হানিছে বুলি অভিযোগ আনে আক্ৰাছুয়ে । আক্ৰাছুৱে কম দিনৰ ভিতৰত কোচ ৰাজবংশী সন্মিলন আৰু তেওঁলোকৰ বিভিন্ন সংগঠনৰ এখন যৌথ সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচন সম্পৰ্কত সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : দ্বিতীয় দিনা লক ডাউনঃ স্তব্ধ গুৱাহাটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.