দৰং, 26 মে’ : ওদালগুৰি আৰক্ষীৰ বৃহৎ সফলতা ৷ ওদালগুৰিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৭ গৰাকী নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এন এল এফ বিৰ কেডাৰ ৷ আটক কৰা কেডাৰ কেইগৰাকীৰ পৰা ১৫ খন চিম কাৰ্ড, ৫ টা কৈ ম’বাইল হেণ্ডচেট আৰু নগধ ছয় হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ বিগত দুদিন ধৰি হৰিশিঙা আৰু ভৈৰৱকুণ্ডৰ বিভিন্ন অঞ্চলত অভিযান চলাইচিল আৰক্ষীয়ে ৷
![7 NLFB cadre arrested in udalguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-ndfb-10006_25052021224353_2505f_1621962833_222.jpg)
উল্লেখ্য যে, ধনদাবীৰ সৈতে জড়িত থকাৰ অভিযোগত উগ্ৰপন্থী সদস্য কেইজনক আটক কৰে ওদালগুৰি আৰক্ষীয়ে ৷ ইতিমধ্যে ওদালগুৰি সদৰ আৰক্ষীয়ে কেডাৰ কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন