ETV Bharat / state

দৰঙত মঙলবাৰে ৬৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত

দৰঙত মঙলবাৰৰ দিনটোত 67 গৰাকীকৈ ব্যক্তি ক'ভিড-19 ত আক্ৰান্ত বুলি চিনাক্ত ৷ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 628 জনলৈ বৃদ্ধি ৷ জিলাখনত অক্সিজেনৰ অভাৱ নহয় বুলি মন্তব্য দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ ৷

দৰঙত মঙলবাৰে ৬৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত
দৰঙত মঙলবাৰে ৬৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Apr 27, 2021, 10:30 PM IST

মঙলদৈ,27 এপ্ৰিল : দৰঙত মঙলবাৰে ৬৭ জন লোকৰ শৰীৰত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰে । মঙলবাৰে চিনাক্ত হোৱা 67 গৰাকীক লৈ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 628 জনলৈ বৃদ্ধি পালে । সম্প্ৰতি চিকিৎসাধীন হৈ আছে 426 গৰাকীকৈ ক'ভিডত আক্ৰান্ত ৰোগী । ইয়াৰে 53 জন চিকিৎসালয়ত থকাৰ বিপৰীতে 371 জন আক্ৰান্ত ৰোগীক হোম কোৱাৰান্টাইন কৰা হৈছে ৷

দৰঙত মঙলবাৰে ৬৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত

চিকিৎসালয়ত থকা ক'ভিড-19 আক্ৰান্ত সকলৰ ভিতৰত 36 গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু 7 গৰাকীক জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত 5 জন, গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত 4 জনৰ লগতে এক্সেল কেয়াৰ হস্পিতালত এজন লোকক ভৰ্তি কৰা হৈছে ।

ইফালে মঙলবাৰৰ দিনটোত দৰং জিলাত 1539 টা ৰেপিড এন্টিজেন টেষ্ট (RAT) আৰু ১০৫ টা আৰটিপিচিআৰ (RTPCR) টেষ্ট সম্পন্ন কৰা হৈছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড-১৯ ৰ বিৰুদ্ধে জিলাখনৰ যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে স্বাস্থ্য বিভাগ ।

উল্লেখ্য যে, দৰং জিলাত কোনো ৰোগীকে অক্সিজেনৰ প্ৰয়োজন হোৱা নাই আৰু ভৱিষ্যতে জিলাখনত অক্সিজনৰ অভাৱ নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ৰূপ লাল নুনিচাই ৷

লগতে পঢ়ক : ভাৰতৰ ভূমিত উপস্থিত বৃটেইনৰ সাহায্য কঢ়িওৱা বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.