দলগাঁও, ২৩ আগষ্ট : দলগাঁও থানাৰ আৰক্ষী পৰিদৰ্শক দিলিপ মিলিৰ নেতৃত্বত লগতে দলগাঁও আৰু শিলবৰী আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হয় চাৰি ডকাইতক ৷ গোপন সূত্ৰৰ তথ্য লাভ কৰি আৰক্ষীয়ে চলোৱা অভিযানত আটক হোৱা ডকাইত কেইজন ক্ৰমে ঢেকিয়াজুলি থানাৰ অন্তৰ্গত কথলোডুবি গাঁৱৰ আবুল ইছলাম (২৫),ইক্ৰামুল (২৭),গৰমাৰা বাঙ্গালিগাঁৱৰ আব্দুল হানিফ (৩২) আৰু দলগাঁও থানাৰ অন্তৰ্গত ১ নং ৰঙাগড়া পথাৰৰ চামচুল হক (৩২) ৷
![Dalgaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-23august-dalgaon-dacait-arrested-801-805-photo-abdul-hakim_23082020184948_2308f_1598188788_772.jpg)
লগতে পঢ়কঃ বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন
জানিব পৰা মতে, দেওবাৰে দিন দুপৰতে চাৰিজনীয়া ডকাইতৰ দলটোৱে ঢেকিয়াজুলিৰ কথলোডোব পথাৰৰ পৰা AS ১২-AX-৪৬৯৬ নম্বৰৰ গাড়ীৰে শিলবৰী বজাৰত উপস্থিত হয় ৷ লগে লগে আৰক্ষীৰ দলটোৱে উক্ত স্থানত তালাচী চলাই অস্ত্ৰসহ চাৰিওজনকে আটক কৰে ৷
![Dalgaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-23august-dalgaon-dacait-arrested-801-805-photo-abdul-hakim_23082020184948_2308f_1598188788_888.jpg)
আটকাধীন যুৱক কেইজনৰ পৰা আৰক্ষীয়ে এটা 9 MM পিষ্টল, ছয় জাই সজিব গুলি, এখন খুকুৰি জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷