ETV Bharat / state

বুধবাৰলৈ দৰঙত চিনাক্ত হৈছে 119 গৰাকী ক'ভিড আক্ৰান্ত ৰোগী - 119 covid inpatient patients

দৰঙত বুধবাৰে ১১৯ গৰাকী লোকৰ শৰীৰত ধৰা পৰে ক'ভিড ১৯ পজিটিভ । ইয়াকে লৈ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৪৪১ জনলৈ বৃদ্ধি পাইছে ।

বুধবাৰলৈ দৰঙত চিনাক্ত হৈছে 119 গৰাকী ক'ভিড আক্ৰান্ত ৰোগী

author img

By

Published : May 6, 2021, 6:46 AM IST

মঙলদৈ, 6 মে': দেশৰ লগতে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰণাৰ আতংক ৷ দৰঙত বুধবাৰে ১১৯ গৰাকী লোকৰ শৰীৰত ধৰা পৰে ক'ভিড-১৯ ৰ উপস্থিতি ।এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৪৪১ জনলৈ বৃদ্ধি পাইছে ।

সম্প্ৰতি এই ৰোগত চিকিৎসাধীন হৈ আছে ৮৪২ গৰাকী ক'ভিড আক্ৰান্ত ৰোগী । ইয়াৰে ৬৮ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৭৭২ গৰাকী আক্ৰান্ত হৈ ঘৰতে আছুতীয়াকৈ আছে বুলি জানিব পৰা গৈছে ৷

চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত ২৫ গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ৩৪ গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৪ গৰাকী আৰু গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ৩ গৰাকী আৰু নাৰায়াণা হৃদালয়া আৰু অৰুণা মেম’ৰিয়েল হাস্পতালত এজনকৈ লোক ভৰ্তি হৈ আছে ।

আনহাতে, বুধবাৰৰ দিনটোত জিলাখনত ক'ভিডৰ ১০৪১ টা ৰেপিড্ এন্টিজেন টেষ্ট (RAT)সম্পন্ন হোৱাৰ বিপৰীতে ১৩৭ টা আৰ টি পি চি আৰ (RTPCR)পদ্ধতিৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক:বঙাইগাঁৱৰ মাণিকপুৰত লকডাউন সদৃশ পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.