ETV Bharat / state

চিৰাঙত বিশ্ব মেলেৰিয়া দিৱস পালন - মেলেৰিয়া বিভাগৰ উদ্যোগত বিশ্ব মেলেৰিয়া দিৱস পালন

শনিবাৰে সমগ্ৰ চিৰাং জিলাতে মেলেৰিয়া বিভাগৰ উদ্যোগত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হৈছে ৷ বিগত বৰ্ষতকৈ এইবাৰ চিৰাঙত মেলেৰিয়াৰ প্ৰকোপ হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ৷ নতুন গৰসিংপাৰা অঞ্চলত মেলেৰিয়া ৰোগৰ সজাগতা অনাৰ ক্ষেত্ৰত ৰাইজৰ মাজত প্ৰচাৰ পুস্তিকা আৰু মাস্ক বিতৰণ কৰে স্বাস্থ্য বিভাগে ৷

চিৰাঙত বিশ্ব মেলেৰিয়া দিৱস পালন
চিৰাঙত বিশ্ব মেলেৰিয়া দিৱস পালন
author img

By

Published : Apr 26, 2020, 11:07 AM IST

চিৰাং, 26 এপ্ৰিল : চিৰাং জিলা মেলেৰিয়া বিভাগৰ উদ্যোগত শনিবাৰে জিলাখনৰ উত্তৰাঞ্চলৰ 2 টাকৈ দুৰ্গম ঠাইত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় | এই জিলাখন মেলেৰিয়া প্ৰাদুৰ্ভাৱ অঞ্চল হিচাপে স্বীকৃতি পোৱা হেতুকে নতুন গৰসিংপাৰাত স্বাস্থ্য বিভাগে মেলেৰিয়া ৰোগৰ সজাগতা অনাৰ ক্ষেত্ৰত ৰাইজৰ মাজত প্ৰচাৰ পুস্তিকা বিতৰণ কৰে ৷ লগতে অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন পুৰুষ-মহিলা আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীক মাস্ক বিতৰণ কৰে |

চিৰাঙত বিশ্ব মেলেৰিয়া দিৱস পালন

মেলেৰিয়া প্ৰৱণ অঞ্চলটোত সম্প্ৰতি ডিডিটি চটিওৱাৰ কাম অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে | অঞ্চলটোত যাতে মেলেৰিয়া ৰোগে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ৰাইজক উদ্দেশ্যি জিলা মেলেৰিয়া বিষয়া ডাঃ শৈলেল পাঠক,চিদলীৰ স্বাস্থ্য বিষয়া ডাঃ উত্তম কুমাৰ বিশ্বাস,মেলেৰিয়া বিভাগৰ বিষয়া মোজ্জামল হক চৌধুৰী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ জনচন দৈমাৰী আৰু ডাঃ ৰাজু কুমাৰ দাসে উপস্থিত থাকি মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰাইজে কেনেদৰে পদক্ষেপ ল'ব তাৰ ওপৰত বক্তব্য দাঙি ধৰে |

সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা এই সজাগতা অনুষ্ঠানটোত স্বাস্থ্য বিভাগৰ লোকসকলে কোভিড-19 সম্পৰ্কেও বিতংকৈ বুজাই দি অঞ্চলবাসীক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে,নতুন গৰসিংপাৰা গাঁৱৰ গাঁওবুঢ়া মোহন টুডুৱে পৰিচালনা কৰা আৰু নতুন গৰসিংপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে অঞ্চলটোৰ ৰাইজৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয় ।

চিৰাং জিলাৰ মেলেৰিয়া বিভাগৰ প্ৰকাশিত তথ্য মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা চিৰাং জিলাত মুঠ 5 জন লোকৰ মেলেৰিয়া পজিটিভ পোৱা গৈছে | বিগত বছৰত চিৰাঙত ৮৮ জন লোকৰ দেহত মেলেৰিয়াৰ উপস্থিতি ধৰা পৰিছিল ৷ ইয়াৰোপৰি জিলাখনৰ বল্লামগুৰী স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ মেলেৰিয়া প্ৰৱণ অঞ্চল খুংখ্ৰাঝৰাতো বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় ।

লগতে পঢ়ক : ৮০ বছৰত মৃত্যু অভিনেতা ইৰফান খানৰ মাতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.