ETV Bharat / state

সম্পত্তিৰ বাবে স্বামীহাৰা মহিলাক নিৰ্যাতন ! - abuse

চিৰাঙৰ বিজনীৰ এগৰাকি বিধৱা মহিলাৰ অসহায় অৱস্থা । স্বামীৰ মৃত্যুৰ দুমাহ নৌহওঁতেই মৃত স্বামীৰ ভগ্নী আৰু ভনী জোঁৱাইৰ শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি বিজনী থানাত গোচৰ ।

women physically and mentally abused by husban's family

author img

By

Published : May 8, 2020, 9:00 PM IST

চিৰাং, 8 মে' : চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত বিজনী দেউকুৰাপাৰত এগৰাকী বিধবা মহিলাৰ অসহায় অৱস্থা । সহায় বিচাৰি কাষ চাপিছে আৰক্ষী আৰু সংবাদ মাধ্যমৰ। স্বামীৰ মৃত্যুৰ ২মাহ পাৰ নৌহওঁতেই স্বামীৰ পৰিয়ালবৰ্গৰ শাৰীৰিক অত্যাচাৰৰ বলি হৈছে মহিলাগৰাকী । সম্পত্তিৰ লোভত মৃত স্বামীৰ দুগৰাকী ভনীয়েক আৰু ভনীজোঁৱায়েকে মিলি মহিলাগৰাকীৰ ওপৰত চলাইছে শাৰীৰিক আৰু মানসিক অত্যাচাৰ।

সম্পত্তিৰ বাবে স্বামীহাৰা মহিলাক নিৰ্যাতন !

উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ দিনাও মহিলাগৰাকীক মাৰপিট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ঠিক একেদৰে যোৱা বৃহস্পতি বাৰে ৰাতিপুৱা শহুৰেকৰ মৃত্যু হয় কিন্তু সৎকাৰৰ ব্যৱস্থা নকৰি পৰিয়ালটোৰ একাংশই তালিবানী কায়দাৰে জঁপিয়াই পৰে এই বিধবা মহিলা গৰাকীৰ ওপৰত। নিৰ্মমভাৱে প্ৰহাৰ কৰে মহিলা গৰাকীক । উপায় বিহীন হৈ মহিলা গৰাকীয়ে বিজনী থানাত এটা গোচৰ ৰুজু কৰে আৰু উচিত ন্যায়ৰ আবেদন জনায় আৰক্ষীক ।

মহিলাগৰাকীৰ অভিযোগ মৰ্মে সাংবাদিকৰ দল বিজনী দেউকুৰাপাৰ স্থিত বাসগৃহত ঘটনাৰ শুং-সূত্ৰ বিচাৰি উপস্থিত হৈছিল যদিও পৰিয়াল বৰ্গই সংবাদ মাধ্যমক কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ মহিলাগৰাকীয়ে অভিযোগ কৰে যে, স্বামীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ উদ্দেশ্যেই এইদৰে ননদ আৰু ভনীজোঁৱায়েকে তেওঁৰ লগতে পিতৃ গৃহৰ পৰা অহা লোকসকলকো মাৰ-পিট কৰে ।

লগতে পঢ়ক : ড্ৰাগছ ব্যৱসায়ৰ বিৰোধিতা কৰাৰ বাবেই ৰঙিয়াত যুৱকক দলবদ্ধ প্ৰহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.