চিৰাং, 8 নৱেম্বৰ: বিটিচিত হাগ্ৰামাৰ যাদু শেষ হৈছে ৷ ১৭ বছৰীয়া দুৰ্নীতিৰ বিচাৰ হ’বলৈ গৈ আছে ৷ দেওবাৰে চিৰাঙৰ বিজনী উলুবাৰীত ইউপিপিএলৰ পৰিৱৰ্তন জনসভাত অংশগ্ৰহণ কৰি সভাপতি প্ৰমোদ বড়োৱে দাবী কৰে এই কথা । উল্লেখ্য যে, দেওবাৰে বিটিচি ১৭ নং সুবাইঝাৰ, ১৮ নং মানাস সেৰফাং আৰু ১৯ নং থুৰিবাৰী(মুকলি) পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ সমৰ্থনত আয়োজিত জনসভাত দলটোৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় । জনসভাত প্ৰমোদ বড়োয়ে কয় যে বিটিচিত এতিয়া আৰু হাগ্ৰামাৰ নাঙলৰ কাম নাই । নাঙলৰ প্ৰস্থান হৈ ট্ৰেক্টৰৰ আগমন হ’ব। নাঙল বাই বাই । বিটিচিত যে ইউপিপিএল দলৰ চৰকাৰ হ’ব সেয়া নিশ্চিত ।
প্ৰমোদ বড়োৱে লগতে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁচা কথাই কৈছে । সঁচা কথা ক’বলৈ কোনো বুজাবুজি বা সমৰ্থনৰ প্ৰয়োজন নাই । সকলোৱে কৈছে এইবাৰ ৩০ টাতকৈ অধিক আসন লৈ বিটিচিত ইউপিপিএল দলে চৰকাৰ কৰিব । হাগ্ৰামা মহিলাৰীৰ যাদু শেষ এতিয়া । হাগ্ৰামাৰ যাদুয়ে বিটিচিত কাম নিদিয়ে । হাগ্ৰামাৰ কোনো কুটনীতিয়ে কাম নিদিয়ে । হাগ্ৰামাৰ যাদুত কাৰোবাৰ গোপন সমৰ্থন আছিল আৰু সেই লৈয়ে চলিছিল দলটো ৷ আজি তেওঁৰ লগত কোনো নাই, এইদৰে ক’লে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োয়ে । প্ৰমোদ বড়োৱে লগতে কয় যে, বিগত ১৭ বছৰে বিটিচিত হাগ্ৰামাই কৰা দুৰ্নীতিৰ বিচাৰ হ’বলৈ গৈ আছে । বিটিচিবাসীয়ে ইয়াৰ বিচাৰ কৰিব আৰু হাগ্ৰামা ইয়াত দোষী সাব্যস্ত হ’ব । তেওঁলোকে এতিয়া সভা, সমিতি, সমদল যিয়েই নকৰক কিয়, এইবাৰ বিপিএফে ছিঙ্গেল ডিজিট পাৰ কৰিব নোৱাৰে ।

আনহাতে বিজেপি সন্দৰ্ভত প্ৰমোদ বড়োৱে উল্লেখ কৰিলে, বিটিচিত সকলোৱে চৰকাৰ গঠনৰ দাবী কৰিব পাৰে । সকলো ৰাজনৈতিক দলে দাবী কৰিলেও সঁচা কথাটো হৈছে, ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব ৷ জনসভাত দলটোৰ ইউপিপিএল প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্ম, সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীৰ লগতে দলটোৰ আন শীৰ্ষ নেতাসকলৰ উপৰি প্ৰায় বিশ সহশ্ৰাধিক লোক উপস্থিত থাকে ।
লগতে পঢ়ক: আগন্তুক নিৰ্বাচনত চুতীয়া প্ৰাৰ্থীৰ দাবী চুতীয়া জাতি সন্মিলনৰ