চিৰাং, 28 এপ্ৰিল: 27 এপ্ৰিলত অন্ত পৰিল বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন পৰিষদৰ কাৰ্যকাল ৷ কৰ'ণাৰ আতংকৰ বাবে বিটিচি নিৰ্বাচন অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই যোৱাত অসম কেবিনেটে ৰাজ্যপালৰ ওপৰত এৰি দিয়ে বিটিচিৰ শাসন ভাৰ ৷ যাৰ বাবে 28 এপ্ৰিল অৰ্থাৎ মঙলবাৰৰ পৰা বিটিচিত কাৰ্যকৰী কৰা হয় ৰাজ্যপালৰ শাসন ৷ ইয়াৰ পাছতে বিটিচিলৈ ৰাজ্যপালৰ শাসনক আদৰণি জনাইছে বিটিচিৰ প্ৰধান বিৰোধী দল ইউপিপিএলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে ৷
উল্লেখ্য যে,কেৱল ইউপিপিএল দলেই নহয় বড়োলেণ্ডৰ আন আন দল সমুহেও বিটিচিলৈ আদৰণি জনাইছে ৰাজ্যপালৰ শাসনক ৷ ইয়াৰ বিপৰীতে কিন্তু এই সিদ্ধান্তক সহজে মানি ল'ব পৰা নাই বিপিএফ দলে ৷ যাৰ বাবে বিপিএফে বিচাৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদৰ কাৰ্যকালৰ সময় বৃদ্ধি কৰাহে
লগতে পঢ়কঃ কলিয়াবৰত অনলাইন শাক-পাচলিৰ ক্ৰয়ৰ বাবে ৱেব পেজ মুকলি