ETV Bharat / state

Firing in BTR : নিশাৰ ভিতৰতে দুই ব্যৱসায়ীক গুলীয়ালে দুৰ্বৃত্তই - নিশাৰ ভিতৰতে দুই ব্যৱসায়ীক গুলীয়ালে দুৰ্বৃত্তই

নিশাৰ ভিতৰতে দুৰ্বৃত্তৰ গুলীত আহত বিটিআৰৰ দুজনকৈ ব্যৱসায়ী । কোকৰাঝাৰৰ সেৰফাংগুৰীত দুৰ্বৃত্তৰ গুলীত আহত সুনীল মণ্ডল নামৰ ব্যৱসায়ী (Businessman injured in Kokrajhar)। ইফালে চিৰাং জিলাৰ আমটেকাত অনিল ইশ্বৱাৰী নামৰ ব্যৱসায়ী এজনৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ । চিকিৎসাধীন দুয়োগৰাকী ব্যৱসায়ী । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Firing in BTR
নিশাৰ ভিতৰতে দুই ব্যৱসায়ীক গুলীয়ালে দুৰ্বৃত্তই
author img

By

Published : Jun 5, 2022, 10:30 AM IST

Updated : Jun 5, 2022, 11:48 AM IST

চিৰাং, 5 জুন : বিটিআৰ অঞ্চলত তীব্ৰ উত্তেজনা । নিশাটোৰ ভিতৰতে দুটাকৈ গুলীচালনাৰ ঘটনা বিটিআৰ অঞ্চলত (Two firing incidents in BTR)। দুৰ্বৃত্তৰ গুলীত আহত দুজনকৈ ব্যৱসায়ী । এই গুলীচালনাৰ পাছতে এতিয়া শংকিত হৈছে বিটিআৰ অঞ্চলৰ ৰাইজ ।

শেহতীয়াকৈ বহু বিদ্ৰোহী সংগঠন মূলসুঁতিলৈ ঘুৰি অহাৰ লগে লগে বিটিআৰ অঞ্চলত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছিল । কিন্তু সম্প্ৰতি ধনদাবী আৰু হিংসাত্মক কাৰ্যকলাপ পুনৰ আৰম্ভ হৈছে অঞ্চলটোত । 12 ঘণ্টাৰ ভিতৰতে অঞ্চলটোত দুজনকৈ ব্যৱসায়ীক আক্ৰমণ কৰিছে দুৰ্বৃত্তই (Two businessman injured in firing in BTR)।

s
দুৰ্বৃত্তৰ গুলী

নিশা প্ৰায় 8.30 মান বজাত সংঘটিত হয় প্ৰথমটো গুলীচালনাৰ ঘটনা । বিটিআৰৰ সদৰ জিলা কোকৰাঝাৰৰ সেৰফাংগুৰীত দুৰ্বৃত্তই সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা (Firing in Kokrajhar) ৷ নাৰাবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ হয় সুনীল মণ্ডল নামৰ ব্যৱসায়ীজন (Businessman injured in Kokrajhar) ৷ বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ী সুনীল মণ্ডলক লক্ষ্য কৰি গুলীচালনা কৰে ৷

গেলামালৰ দোকানত বহি থকা অৱস্থাতে ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটো ৷ দুৰ্বৃত্তৰ গুলীত বুকুত গুলী লাগে ব্যৱসায়ীজনৰ । লগে লগে তেওঁক বঙাইগাঁৱৰ ল‘ৱাৰ আসাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ পৰিয়ালৰ লোকে দাবী কৰা মতে দুৰ্বৃত্তৰ দলটোৱে ধনদাবী কৰিছিল ব্যৱসায়ীজনক ।

এই ঘটনাৰ প্ৰায় 3 ঘণ্টা মান পাছতে দ্বিতীয়টো গুলীচালনাৰ ঘটনা সংঘটিত হয় বিটিআৰৰ অন্তৰ্গত চিৰাং জিলাত । চিৰাঙৰ আমটেকাত অনিল ইশ্বৱাৰী নামৰ ব্যৱসায়ী এজনৰ ঘৰত আক্ৰমণ কৰে দুৰ্বৃত্তই (Businessman injured in firing in Chirang)। দুৰ্বৃত্তই ব্যৱসায়ীগৰাকীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে । যাৰ ফলত ব্যৱসায়ীজনৰ হাতত তিনিটাকৈ গুলী লাগে ।

ভুক্তভোগী ব্যৱসায়ীৰ পত্নী

হাৰ্ডৱেৰ দোকানী অনিল ইশ্বৱাৰীক লগে লগে বঙাইগাঁওৰ নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে ব্যৱসায়ীগৰাকী সম্প্ৰতি বিপদৰ পৰা মুক্ত । কিন্তু দুৰ্বৃত্তৰ দলটোৱে কিয় ব্যৱসায়ীগৰাকীক এনেদৰে আক্ৰমণ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ।

সম্প্ৰতি দুয়োটা ঘটনা সন্দৰ্ভত দুয়োখন জিলাৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । কিন্তু শান্তি ঘুৰি অহা বিটিআৰক এনেদৰে পুনৰ অশান্ত কৰিবলৈ চেষ্টা কৰিছে নেকি কোনো চক্ৰই ? তাক লৈ এতিয়া উদ্বিগ্ন আৰক্ষী তথা প্ৰশাসন ।

লগতে পঢ়ক :কোকৰাঝাৰৰত দুৰ্বৃত্তৰ গুলীচালনাত আহত ব্যৱসায়ী

Last Updated : Jun 5, 2022, 11:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.