ETV Bharat / state

কাজলগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ - জিলাখনৰ 22 গৰাকীকৈ যুৱতী মহিলাক প্ৰশিক্ষণ

চিৰাং জিলাৰ কাজলগাওঁ স্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ ৷ জিলাখনৰ 22 গৰাকীকৈ যুৱতী মহিলাক প্ৰশিক্ষণ প্ৰদান কৰা হয় ষ্টেট বেংকৰ তৰফৰ পৰা ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বেংকৰ মেনেজাৰসহ কাজলগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড৹ চন্দ্ৰ কুমাৰ ডেকা, ড৹ এইছ কে বৰুৱা, জ্যোতিষ কুমাৰ শৰ্মা ৷

http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/05-March-2021/10879434_455_10879434_1614932366377.png

author img

By

Published : Mar 5, 2021, 2:13 PM IST

চিৰাং, 5 মাৰ্চ: নিবনুৱা যুৱতী-মহিলাক আত্ম সংস্থাপন দিয়াৰ লক্ষ্যৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ শিবিৰ ৷ State Bank of India Rural Self employment Training Institute চমুকৈ (SBIRSETI) ৰ উদ্যেগত আৰু চিৰাঙৰ বিজনী মহকুমাৰ লাউক্ৰিগুৰিস্থিত এছ এছ বিৰ ৫৪ নম্বৰ বেটেলিয়নৰ সহযোগত চিৰাং জিলাৰ সীমান্ত এলেকাৰ দুখীয়া পৰিয়ালৰ যুৱতী আৰু মহিলাৰ মাজত কাজলগাঁৱৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ বৃহস্পতিবাৰে সামৰণি পৰে ৷

চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ যুৱতী-মহিলাৰ মাজত বিনামূলীয়াকৈ কাজলগাঁৱৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত স্ব-নিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ ২২ গৰাকী যুৱতী-মহিলাই অংশ গ্ৰহণ কৰে ৷ নিজ ঘৰতে কেনেকৈ কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হ'ব পাৰি এই দিশত কাজলগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড৹ চন্দ্ৰ কুমাৰ ডেকা, ড৹ এইছ কে বৰুৱা, জ্যোতিষ কুমাৰ শৰ্মা, পৰান কিশোৰ দত্ত, শৈলেন তালুকদাৰ আৰু মন্দাকিনী ভাগৱতীয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷

বৃহস্পতিবাৰে দহদিনীয়া প্ৰশিক্ষণৰ অন্তত সামৰণি অনুষ্ঠানত এছ এছ বিৰ ৫৪ নম্বৰ বেটিলিয়নৰ উপ-কমাণ্ডেন্ট আৰ কে তেজেশ কুমাৰ সিঙে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতী-মহিলা সকলক আত্ম নিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে এই কাৰ্যসূচী বাহিনীটোৱে চিভিক একচন কাৰ্যসূচীৰ জৰিয়তে ৰূপায়ণ কৰাৰ কথা ব্যক্ত কৰে ৷ অনুষ্ঠানত কাজলগাঁও ভাৰতীয় ষ্টেট বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক পুতুল বসুমতাৰী আৰু চিৰাঙৰ লীড ডিষ্ট্ৰিক মেনেজাৰ বিধান চন্দ্ৰ ব্ৰহ্মই সন্মানীয় অতিথিৰূপে উপস্থিত থাকি যুৱতী-মহিলা সকলে কেনেদৰে কাঠফুলা উৎপাদন কৰি স্বাৱলম্বিতা হ’ব পাৰিব তাক ব্যক্ত কৰে ৷

উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ ক্ষেত্ৰত প্ৰয়োজনত কেনেদৰে বেংকৰ পৰা ঋণ পাব পাৰি তাক লীড ডিষ্ট্ৰিক মেনেজাৰ বিধান চন্দ্ৰ ব্ৰহ্মই বুজাই দিয়ে ৷ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতী-মহিলাৰ পৰা প্ৰশিক্ষণৰ অভিজ্ঞতা সামৰণি অনুষ্ঠানত ব্যক্ত কৰে ৷ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতী-মহিলা সকলক প্ৰমাণ পত্ৰ সহ একোটাকৈ কাঠফুলাৰ বীজৰ টোপোলা প্ৰদান কৰা হয় ৷

লগতে পঢ়কঃওলমি ৰৈছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.