ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি - Cattle smuggling in Dhubri

11 বজাৰ শীৰ্ষ 10টা বাতৰি

11 বজাৰ শীৰ্ষ 10টা বাতৰি
11 বজাৰ শীৰ্ষ 10টা বাতৰি
author img

By

Published : May 27, 2022, 11:00 AM IST

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি চৰকাৰ : সুস্মিতা দেৱ

আহি থকা উপ-নিৰ্বাচনৰ লগত সংগতি ৰাখি ত্ৰিপুৰাৰ সুৰমা সমষ্টিত তৃণমূল কংগ্ৰেছ দলৰ সাংগঠনিক সভা (Organizational meeting of TMC at Surma)। সভাত তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক । সভাৰ পাছতে সমষ্টিটোত প্ৰতিবাদী কাৰ্যসূচীৰো আয়োজন কৰে দলটোৱে ।

ছয় কিলোমিটাৰ দৌৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক

টদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ(Batadrava Police Station Arson)ৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক গ্ৰেপ্তাৰ ৷ দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ গ্ৰেপ্তাৰ আল্লাউদ্দিন ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ ৷

Assam Police Firing : ধুবুৰীত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা; আটক 5 গো-সৰবৰাহকাৰী

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Dhubri)। বুধবাৰে নিশা ধুবুৰীৰ ছাগলচৰা অঞ্চলত ধুবুৰী বি এন কলেজ ৰোড আৰক্ষীয়ে চলাই এক অভিযান । এই অভিযানত চোৰাং গো সৰবৰাহকাৰী লৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা । আৰক্ষীৰ এই অভিযানত আটক হয় পাঁচ চোৰাং গৰু সৰবৰাহকাৰী ৷ পলাতক আন তিনিজন ৷

আমচং চাহ বাগিচাত হাইস্কুলৰ উদ্বোধন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

বৃহস্পতিবাৰে অসমৰ চাহ বাগিচা এলেকাত (Amchong Tea Estate) আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ আঁচনিৰ অধীনত স্থাপিত কামৰূপ মহানগৰ জিলাৰ আমচং আদৰ্শ হাইস্কুলখন মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patwari inaugurates Model high school )।

KAAC Election 2022 : প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council Elections 2022) প্ৰতিটো পৰিষদীয় সমষ্টিত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

6 জুনৰ পৰা হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

ৰাজ্যৰ যিবোৰ বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা (HS 1st year exam date)অনুষ্ঠিত কৰাৰ বাবে সাজু সেইবোৰ বিদ্যালয়ত অহা ৬, ৭ আৰু ৮ জুনত পৰীক্ষা অনুষ্ঠিত হ'ব । বানৰ বাবে ৰাজ্যৰ যিবোৰ বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু নহয়, সেইবোৰ বিদ্যালয়ত পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত হ'ব ।

নিৰ্বিঘ্নে বটদ্ৰৱা থানলৈ আহিব পাৰিব তীৰ্থযাত্ৰী : জয়ন্তমল্ল বৰুৱা

বটদ্ৰৱা থানত উপস্থিত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা (Jayanta Malla baruah visited Batadrava) । বটদ্ৰৱাত উপস্থিত হৈয়ে কীৰ্তন ঘৰত সেৱা লয় মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিবগৰাকীয়ে । তাৰ পাছতে বটদ্ৰৱা থান কমিটিৰ লগত এক আলোচনাত মিলিত হয় জয়ন্ত মল্ল বৰুৱা ৷

IBA ৰ এথলীট সমিতিৰ অধ্যক্ষ নিৰ্বাচিত লাভলীনা বৰগোহাঁই

বক্সাৰ লাভলীনা বৰগোহাঁই আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (আই বি এ)ৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত (Lovlina Borgohain Elected Chair of IBA Athletes Committee) ৷ ইফালে বক্সাৰ শিৱ থাপাও আই বি এ বক্সিং এথলীট সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে ।

নদীৰ সম্পদ-সম্ভাৱনীয়তাক লৈ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'

এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত 28 আৰু 29 মে'ত গুৱাহাটীত অনুষ্ঠিত হ'ব 'নদী সন্মিলন' । বংগোপ উপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু সম্পদ হিচাপে ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহক লৈ হ’ব আলোচনা । সন্মিলনখনত জল যোগাযোগ ব্যৱস্থা,শক্তি উৎপাদন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিব ।

বান-খহনীয়াত ক্ষতিৰ হিচাপ ল'বলৈ গুৱাহাটীত কেন্দ্ৰীয় দল

বান আৰু ভূমিস্খলনৰ ক্ষতিৰ মূল্যায়ন কৰিবলৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল ৷ দলটোৰ সদস্যসকল দুটা গোটত বিভক্ত হৈ শুক্ৰবাৰৰ পৰা বান প্ৰভাৱিত জিলাবোৰ ভ্ৰমণ কৰিব । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে যোৱা 24 ঘণ্টাত বানপানীত ৰাজ্যত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এতিয়ালৈকে বানপানীৰ প্ৰথম পৰ্যায়ত মুঠ 30 জন লোক মৃত্যুমুখত পৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.