ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা বেষ্টনী - চিৰাঙত তালাচী অভিযান

আগন্তুক 74 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । জিলাখনৰ সৰ্বত্ৰে পৰিলক্ষিত হৈছে আৰক্ষীৰ চোকা দৃষ্টি ৷ ঠাইয়ে ঠাইয়ে তালাচী অভিযান ৷

Tight Security check for Upcoming Independence day at Chirang
স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা বেষ্টনী
author img

By

Published : Aug 14, 2020, 4:50 PM IST

চিৰাং,14 আগষ্ট : শনিবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ভাৰতৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ সম্প্ৰতি স্বাধীনতা দিৱস প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ চিৰাং জিলাত গঢ়ি তোলা হৈছে নিচিদ্ৰ নিৰাপত্তা ব্যৱস্থা ৷ জিলাখনত যাতে কোনো উগ্ৰপন্থীয়ে কূটাঘাট মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে চিৰাং জিলা আৰক্ষী প্ৰশাসন ৷ জিলাখনত প্ৰৱেশ কৰা প্ৰতিখন দুচকীয়া-চাৰি চকীয়াকে ধৰি সকলো যান-বাহনত আৰক্ষীয়ে তন্ন-তন্ন কৈ চলাইছে তালাচী অভিযান ৷

স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা বেষ্টনী

আনহাতে জিলাখনৰ বিভিন্ন স্পৰ্শকাতৰ এলেকা সমূহত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তহল অব্যাহত আছে ৷ শান্তিপূৰ্ণ ভাৱে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষীয়ে গঢ়ি তুলিছে জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

লগতে চাওক-স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.