ETV Bharat / state

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি - অবড়ো সংগ্ৰাম

চিৰাঙৰ বিজনীৰ পানবাৰীৰ বৰপথাৰত তিনিদিনীয়াকৈ অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালা অনুষ্ঠিত ৷ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰ্মশালাত ৷ " যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো শক্তিশালী ভাৱে একত্ৰিত হ'ব " - মন্তব্য সাংসদ নৱ শৰণীয়াৰ

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি
author img

By

Published : Aug 19, 2019, 4:09 PM IST

চিৰাং, 19 আগষ্টঃ চিৰাঙৰ বিজনীৰ পানবাৰীৰ বৰপথাৰত শনিবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালাত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ আলোচনা হয় ৷ অবড়োৰ মুক্তিৰ সংগ্ৰাম খনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অবড়ো সংগ্ৰাম খনত জড়িত নেতা কৰ্মীক লৈ বিগত দিনৰ কাৰ্যপন্থাৰ নিৰ্মোহ বিশ্লেষণৰ যোগেদি আহিব লগা বিটিচি পৰিষদ দখলৰ চেষ্টা কৰিব সমিতিয়ে ৷

5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া এই কৰ্মশালাত উপস্থিত থাকি কয় যে বিটিচিত যদি অবড়ো সুৰক্ষা সমিতিৰ কাউঞ্চিল নহয় তেনেহ'লে বড়োলেণ্ডত পৰৱৰ্তী সময়ত জম্মু-কাশ্মীৰৰ দৰে পৰিস্থিতি হ'ব পাৰে ৷ ইয়াৰোপৰি সাংসদ গৰাকীয়ে কয় যে অবড়ো দল সংগঠনৰ ৰাজনৈতিক উত্থানত শংকিত হৈ যদিহে বিটিচিত বি পি এফ আৰু ইউ পি পি দল একগোট হৈ নিৰ্বাচন খেলে সেয়া হ'ব অবড়ো লোকসকলৰ বাবে বিটিচি দখল কৰাৰ সোণালী সুযোগ ৷ কিয়নো যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো শক্তিশালী ভাৱে একত্ৰিত হ'ব ৷

সাংসদ নৱ শৰণীয়া

ইফালে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক ব্ৰজেন মহন্তই বিটিচিত হাগ্ৰামা নেতৃত্বাধীন বি পি এফে অবড়ো লোকক কৰা শোষণৰ বিৰুদ্ধে সকলো অবড়ো লোক একত্ৰিত হৈ আগবাঢ়ি আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি

ইয়াৰ পৰা স্পষ্ট হয় যে আগন্তুক বিটিচি পৰিষদীয় যুঁজ খনত বড়ো আৰু অবড়োৰ মাজতেই মূল প্ৰতিদন্দিতা পোৱাটো নিশ্চিত ৷ উল্লেখযোগ্য যে, কৰ্মশালাত বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, বিটিচিৰ বহু কেই গৰাকী MCLA, বিটিএডিৰ চাৰিওখন জিলাৰ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাজনো জেষ্ঠ অধিবক্তা উপস্থিত থকাৰ লগতে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ উপৰিও বৰপথাৰৰ ডেৰ শতাধিক ৰাইজ অংশগ্ৰহণ কৰে ।

Intro:চিৰাঙৰ বিজনীৰ পানবাৰীৰ বৰপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালা। ২০২০ চনৰ বিটিচি পৰিষদীয় নিৰ্ব্বাচন লৈ বিশেষ কুচকাৱাজ । অবড়োৰ শক্তিক ঐক্যবদ্ধ ভাৱে আগুৱাই নিয়াৰ পোষকতা। বিটিচি দখলৰ টাৰ্গেট ।

Body:
চিৰাং জিলাৰ বিজনীৰ পানবাৰীৰ বৰপথাৰত যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালাত বিশেষকৈ বিটিচিৰ পৰিষদীয় নিৰ্ব্বাচন লৈ আলোচনা। বৰপথাৰ ৰাজহুৱা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ললিত হেমব্ৰমে । অবড়োৰ মুক্তিৰ সংগ্ৰাম খনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অবড়ো সংগ্ৰাম খনত জড়িত নেতা কৰ্মী সকলকলৈ বিগত দিনৰ কাৰ্যপন্থাৰ নিৰ্মোহ বিশ্লেষণৰ যোগেদি আগন্তুক দিনত বিটিচি পৰিষদ দখলৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কৰ্মশালা অনুষ্টিত কৰিছিল। সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক ব্ৰজেন মহন্তই সঞ্চালন কৰা কৰ্মশালাৰ সভাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, বিটিচিৰ কেবাগৰাকীও MCLA, বিটিএডিৰ চাৰিওখন জিলাৰ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেবাজনো জেষ্ঠ অধিবক্তা উপস্থিত থকাৰ লগতে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ উপৰিও বৰপথাৰৰ ডেৰ শতাধিক ৰাইজ অংশগ্ৰহণ কৰে।

বিটিচিত যদি অবড়ো সুৰক্ষা সমিতিৰ কাউঞ্চিল নহয় তেনেহলে ইয়াত পৰৱৰ্তী সময়ত জম্মু-কাশ্মীৰৰ দৰে পৰিস্থিতি হ'ব পাৰে বুলি মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই। যিকোনো মুল্যৰ বিনিময়ত বিটিচি দখল কৰাৰ পৰিকল্পনা কৰাৰ লগতে স্পষ্ট ভাৱে কয় যে অবড়ো দল সংগঠনৰ ৰাজনৈতিক উত্থানত শংকিত হৈ যদিহে বিটিচিত বিপিএফ-ইউপিপি দল একগোট হৈ নিৰ্ব্বাচন খেলে সেয়া হব অবড়ো লোকসকলৰ বাবে সোনালী সুযোগ বিটিচি দখল কৰাৰ ।

বাইট : নৱ কুমাৰ শৰণীয়া, সাংসদ।

সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক ব্ৰজেন মহন্তই কয় যে ইতিমধ্যে দুবাৰকৈ আমি ব্যাপক ব্যৱধানত কোকৰাঝাৰ লোকসভা সমষ্টীত জয়ী হৈছো । এই বাৰ আমি বিটিচি পৰিষদ দখল কৰিব পাৰিম বুলি নিশ্চিত আমি । কাৰ বিটিচিত হাগ্ৰামা নেতৃত্বাধীন বিপিএফে বিটিচিত যিদৰে অবড়ো লোকক শোষন কৰিলে তাৰ প্ৰতি সকলো অবড়ো লোক একত্ৰিত হৈ আগবাঢ়িছে । বিপিএফ আৰু ইউ পি পি দল একত্ৰিত হোৱা সন্দৰ্ভতো গুৰুত্বপুৰ্ণ মন্তব্য দিয়ে ।

বাইট : ব্ৰজেন মহন্ত, সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক ।

Conclusion:ইপিনে গোপনে বিপিএফ আৰু ইউ পি পি এল দলে একত্ৰিত ভাৱে গোপনে বিটিচি নিৰ্ব্বাচন সন্দৰ্ভত কাৰ্য্যপন্থা লোৱাৰ বাবে উঠিপৰি লগা বুলি জানিব পৰা গৈছে । যিমানেই বড়ো ধল সংগঠন একত্ৰিত হব সিমানেই অবড়ো দল-সংগঠনো বলিষ্ট ভাৱে এক্ৰিত হব বুলিও কয় সাংসদ নৱ শৰনীয়াই।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.