ETV Bharat / state

কিয় বঞ্চিত হৈছে BTRৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী ?

বঙাইগাঁও প্ৰেচ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি বিটিআৰ(BTR)ৰ টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলে ৷

author img

By

Published : Aug 8, 2021, 9:09 AM IST

tet-qualified-teachers-of-btad-asking-for-regular-appointment
কিয় বঞ্চিত হৈছে BTRৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী ?

চিৰাং, 7 আগষ্ট : শেহতীয়াকৈ, বঙাইগাঁও প্ৰেচ ক্লাবত সদৌ বিটিএডি টেট উত্তীৰ্ণ শিক্ষক(All BTAD TET qualified teachers) সকলে এক সংবাদমেল সম্বোধন কৰে । এই সংবাদমেল যোগে বিটিআৰ(BTR)ৰ টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলে । পদ নিয়মীয়াকৰণৰ দাবী জনাই নিয়মীয়াকৰণ নহ’লে চৰকাৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰাৰ্থীসকলে ৷

উল্লেখযোগ্য যে, ইতিমধ্যে চৰকাৰে সৰ্বমুঠ ৪২৭ টা শিক্ষক পদৰ বাবে বিজ্ঞাপন আগবঢ়াইছে । ইয়াৰ বিপৰীতে এতিয়াও চাকৰি নোপোৱাকৈ আছে ১০০০ টেট উৰ্ত্তীণ প্ৰাৰ্থী । ইফালে, চৰকাৰৰ নতুন বিজ্ঞাপন অনুসৰি বৰ্তমান চাকৰি কৰি থকা ঠিকাভিত্তিক শিক্ষকক এই নিযুক্তিত দিয়া হৈছে বিশেষ অগ্ৰাধিকাৰ ৷ ঠিকাভিত্তিক শিক্ষক সকলক দিয়া অতিৰিক্ত ৫০ নম্বৰে চাকৰি পোৱাত সহায় কৰিব ঠিকাভিত্তিক শিক্ষক সকলক ।

আনহাতে, ২০১৯ টেট উৰ্ত্তীণ প্ৰাৰ্থী সকলক বিশেষ অগ্ৰাধিকাৰ নিদিলে অনশন গঢ়ি তোলাৰ হুংকাৰ দিছে সদৌ বিটিআৰৰ টেট ২০১৯ উৰ্ত্তীণসকলে ।

লগতে পঢ়ক : লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.