চিৰাং,6 ডিচেম্বৰ : চিৰাং জিলাৰ বিজনীৰ নবাৰুণ হাইস্কুল খেলপথাৰত শনিবাৰে বিজেপি দলৰ সুবাইঝাৰ মণ্ডল কমিটীৰ বিশাল নিৰ্বাচনী সভাৰ আয়োজন । সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস, শিল্পী কৃষ্ণমনি চুতিয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নাথুৰাম বাৰৈ, ৰাজ্যিক আহ্বায়ক অৰুপ নাথ, থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী অভিৰাম মহানায়ক আৰু বিজেপি দলৰ অন্যান্য বিষয়ববীয়াসকল ।

উক্ত সভাত অংশগ্ৰহণ কৰি যি ঠাইত বিজেপি দলৰ প্ৰাৰ্থী নাই তাত ভোটাৰ ইণ্টাৰনেচশ্বনেল পাৰ্টী অৰ্থাৎ চিলিণ্ডাৰৰ ছবিত ভোটদান কৰিবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে ৷ তেওঁ ওদালগুৰি আৰু বাক্সাত 15 খন আসন লাভ কৰাৰ দাবী কৰে ৷

লগতে তেওঁ কয় যে, ‘‘বিটিচিৰ সকলো অবৈধ অস্ত্ৰ উদ্ধাৰ কৰিব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে। নিৰ্বাচনৰ পাচতো চলিব অস্ত্ৰ উদ্ধাৰৰ অভিযান । অস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীলৈ ধন্যবাদ’’ ৷
সুবাইঝাৰ সমষ্টিত ৰাইজে বিজেপি প্ৰাৰ্থী বিচাৰিছিল যদিও বিজেপিয়ে প্ৰাৰ্থী দিয়া নাই ৷ সেয়ে উক্ত সভাতে সুবাইঝাৰ সমষ্টিবাসীক ক্ষমা খোজে ৰণজিৎ দাসে ৷
লগতে পঢ়ক : বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ওদালবাক্ৰা থানাত এজাহাৰ দাখিল