চিৰাং, 26 এপ্ৰিল : দেশৰ লগতে ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্তৰ সংখ্যা ৷ এই প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ ফালৰ পৰা একাধিক নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও ৰাজ্যৰ একাংশ লোকৰ মাজত এতিয়াও সজাগতা অভাৱ দেখা গৈছে ৷ কিয়নো এই নীতি-নিৰ্দেশনাক কেন্দ্ৰ কৰিয়ে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা যায় ৷
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ নেতৃত্বত ক'ভিড সংক্ৰান্তীয় এক সজাগতা অভিযান চলোৱাৰ লগতে ক'ভিড প্ৰ'টকল ৰূপায়নৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ সন্ধিয়া ৬ বজাত বজাৰ বন্ধ নকৰা আৰু মুখত মাস্ক ব্যৱহাৰ নকৰা লোকক জৰিমনা বিহা হৈছিল ৷ লগতে মটৰ চাইকেলৰ গৰাকীৰ নথি পৰীক্ষা কৰি নতি বিহীন লোকক জৰিমনা বিহা হৈছিল ৷
বেংতল আৰক্ষী চকীৰ এই পদক্ষেপক সহজভাৱে লোৱা নাছিল একাংশ অসচেতন লোকে ৷ যাৰ ফলস্বৰূপে বেংতল বজাৰত কৰ্তব্যৰত আৰক্ষী বিষয়া হাইদৰ আলী আহমেদক একাংশ লোকে আক্ৰমণ কৰে। এই সমগ্ৰ ঘটনাটো ফেচবুক লাইভৰ জৰিয়তে প্ৰকাশ কৰিছিল আন একাংশ লোকে ৷ ইয়াৰ পাচতে সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এক চাঞ্চল্য সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত ৷
সেয়েহে এই ঘটনাৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ বেংতল আৰক্ষীয়ে । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতলৰ সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয়, এই ধৰণৰ ঘটনাত জড়িত কোনো লোকেই সাৰি যাব নোৱাৰিব। কাৰণ আইন সকলোৰে বাবে সমান বুলি স্পষ্ট কৰি দিয়ে সুধাকৰ সিঙে ।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইজনমান লোকক সোধপোচৰ বাবে আটক কৰে যদিও আজি আটাইকে মুকলি কৰি দিয়ে। ইফালে আৰক্ষীয়ে লোক কেইজনক মুকলি কৰি দিয়াক লৈ এজন অধিবক্তাসহ বেংতলৰ স্থানীয় লোকে বেংতল আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বৰ্তমান চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি , ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম সহ ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰণ ৰাভা বেংতল আৰক্ষী চকীত বাহৰ পাতি পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছে বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷
লগতে পঢ়ক: অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান