চিৰাং,২১ মে' : মঙলবাৰে বঙাইগাঁও-চিৰাঙত পৃথকে পৃথকে সংঘটিত হয় ধন লুটৰ দুটা ঘটনা । দুপৰীয়া বঙাইগাঁও চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা দুই লাখ টকা উলিয়াই অনাৰ অৱস্থাত বঙাইগাঁও ফ্লাই অভাৰত বিদ্যাপুৰৰ বাসিন্দা সহৰ আলীৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় ধনখিনি । তাৰ পাছতে বঙাইগাঁও থানাত গোচৰ দিয়ে সহৰ আলীয়ে । একেদৰে সমীপৱৰ্তী চিৰাং জিলাৰ ঢালিগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ১ লাখ ২০ হেজাৰ টকা লৈ উভতা সাহিদা খাতুন নামৰ মহিলাগৰাকীৰ পৰা দুৰ্বৃত্তই কাঢ়ি লয় টকাখিনি ।
বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱৰ বাসিন্দা সাহিদা খাতুনে ঘৰুৱা কামৰ বাবে বেংকৰ পৰা উলিয়াইছিল টকাখিনি । মহিলাগৰাকীৰ পৰা ধন লুটৰ দৃশ্য বন্দী হৈ ৰয় চিচি টিভি কেমেৰাত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷