ETV Bharat / state

বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে স্বদেশীক ! - BISHNUPUR

মঙলবাৰে বিজনীৰ বিষ্ণুপুৰ আঞ্চলিক সমতি সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যালয়ত সংগঠনটোৱে এক সংবাদমেল সম্বোধন কৰি এন আৰ চিৰ নামত স্বদেশীক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায় ৷

বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে স্বদেশীক !
author img

By

Published : Jun 11, 2019, 7:43 PM IST

চিৰাং,11 জুনঃ চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰ আঞ্চলিক সমতি সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যালয়ত সংবাদ মেল । সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মন্টু দে আৰু সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰে বিদেশী ন্যায়াধিকৰণ, সীমান্ত আৰক্ষী আৰু ডিটেনচন কেম্প সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ছাত্ৰ নেতা জনে কয় যে অসমত সীমান্ত আৰক্ষীয়ে বিদেশীৰ নামত মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি নামৰ কিছু মিল পালেই বাচ-বিচাৰ নকৰি মানুহ ধৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ মধুবালা মণ্ডলৰ বিষয়টো সন্দৰ্ভত চৰকাৰক আবেদন জনায় অতিশীঘ্ৰেই ডিটেনচন কেম্পৰ পৰা মোকলাই দিয়াৰ বাবে আহ্বান জনায়, অন্যথা অসম ব্যাপি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে । চৰকাৰে ভাৰতীয় হিন্দু বঙালী সকলক বিদেশীৰ নামত অমানৱীয় আচৰণ কৰাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতাজনে । কাৰণ নাগৰিকত্বৰ সকলো নথি থকাৰ পিচতো কোনো কাৰণ নোহোৱাকৈ নিশাৰ অন্ধকাৰত বলপূৰ্বক ধৰি লৈ ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা মধুবালা মণ্ডল অসুস্থ যদিও কোনো চিকিৎসাৰ ব্যৱস্থাও কৰা নাই বুলি অভিযোগ কৰে ৷

Slug : As_Chg_11th Jun_803_Chirang bengoli pressmeet_vis_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰ আঞ্চলিক সমতি সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্য্যালয়ত সংবাদ মেল । সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মন্টু দে আৰু সাধাৰন সম্পাদক ব্ৰজগোপাল সৰকাৰে বিদেশী ন্যায়াধিকৰন, সীমান্ত আৰক্ষী আৰু ডিটেনচন কেম্প সম্পৰ্কে প্ৰতিক্ৰীয়া প্ৰকাশ কৰে । ছাত্ৰ নেতা জনে কয় যে অসমত সীমান্ত আৰক্ষীয়ে বিদেশীৰ নামত মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি নামৰ কিছু মিল পালেই বাচ বিচাত নকৰি মানুহ ধৰি  ডিটেনচন কেম্পলৈ প্ৰেৰন কৰে । শেষতীয়াকৈ মধুবালা মণ্ডলৰ বিষয়টো সন্দৰ্ভত চৰকাৰক আবেদন জনায় অতিশীঘ্ৰেই ডিটেনচন কেম্পৰ পৰা মোকলাই দিয়াৰ বাবে অন্যথা অসম ব্যাপি আন্দোলনৰ হুংকাৰ দিয়ে । চৰকাৰে ভাৰতীয় হিন্দু বঙালি সকলক বিদেশীৰ নামত অমানৱীয় আচৰন কৰাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতা জনে । কাৰন নাগৰিকত্বৰ সকলো নথি থকাৰ পিচতো কোনো কাৰন নোহোৱাকৈ নিশাৰ অন্ধকাৰত বল পুৰ্ব্বক ধৰি লৈ ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা মধুবালা মণ্ডল অসুস্থ যদিও কোনো চিকিৎসাৰ ব্যৱস্থাও কৰা নাই বুলি অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে সংবাদ মেলযোগে। 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.