ETV Bharat / state

হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়নৰ নমুনা ! - চিৰাং জিলা

চিৰাং জিলাৰ আলুখুন্দাৰ মানাহ নদীৰ পাৰা-পাৰৰ নামত যমৰ যাতনা ভূগিছে ছাত্ৰ ছাত্ৰী আৰু ৰাইজে ৷ বানপানীয়ে সাঁকো উটুৱাই নিয়াৰ দীৰ্ঘদিনৰ পিচতো জীয়াতু ভুগি আছে ৰাইজে৷ চৰকাৰ আৰু প্ৰশাসনৰ কাণসাৰ নিদিয়াৰ অভিযোগ৷ যিকোনো মুহূৰ্তত সংঘটিত হব পাৰে ভয়াবহ দুৰ্ঘটনা ৷

মডেল বিটিচিৰ উন্নয়নৰ নমুনা !
author img

By

Published : Aug 28, 2019, 12:37 PM IST

চিৰাং , 28 আগষ্টঃ চিৰাং জিলাৰ 33 নং বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত আলুখুন্দাত মানাহ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন ৰাস্তা ভাঙি তচনচ কৰি থৈ যোৱাৰ পিচত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে ৷ কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ নিজৰ সমষ্টিৰ এনে দুৰ্দশা হোৱাৰ পাচতো কোনেও এই সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলবাসীৰ৷

মডেল বিটিচিৰ উন্নয়নৰ নমুনা !

আলুখুন্দাৰ পৰা দেওতাৰীলৈ যোৱা ৰাস্তাৰ তিনি ঠাইত বানপানীয়ে ছিঙি পেলাইছে । ইয়াৰ ভিতৰত আলুখুন্দাত নতুনকৈ হৈ থকা পকীদলঙৰ কাষৰে বনাই দিয়া বাঁহৰ সাকোখন বানপানীয়ে উটুৱাই নিয়ে । তাৰ পিচৰে পৰা নিতৌ শ শ লোকৰ লগতে বহু স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীয়ে টুলুঙা নাৱৰে বিপদসংকুল ভাৱে নৈ খন পাৰ কৰে । সেয়ে স্থানীয় ৰাইজে শীঘ্ৰে নতুন দলং নতুবা এখন সাঁকো বনাই দিবলৈ চৰকাৰক দাবী জনাইছে ৷

Intro:চিৰাং জিলাৰ আলুখুন্দাৰ মানাহ নদীৰ পাৰা-পাৰৰ নামত জমৰ যাতনা ভূগিছে ছাত্ৰ ছাত্ৰী আৰু ৰাইজে। বানপানীয়ে সাকোঁ উটুৱাই লোৱাৰ দীৰ্ঘদিনৰ পিছতো জিয়াতু ভুগি আছে ৰাইজ কাণ হাৰ নাই চৰকাৰ প্ৰশাসনৰ। যিকোনো মুহুৰ্তত সংঘটিত হব পাৰে ভয়াবহ দুৰ্ঘটনা ।

Body:চিৰা‍ং জিলাৰ ৩৩নং বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত আলুখুন্দাত মানাহ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন ৰাস্তা ভাঙি তচনচ কৰি থৈ যোৱাৰ পিছত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে ।বিশেষকৈ আলুখুন্দাৰপৰা দেওতাৰী লৈ যোৱা ৰাস্তাৰ তিনি ঠাইত বানপানীয়ে ছিঙি পেলাইছে । ইয়াৰে আলুখুন্দাত নতুনকৈ হৈ থকা পকীদলংৰ কাষৰে বনাই দিয়া বাহৰ সাকো বানপানীয়ে উঠুৱাই নিয়ে ।তাৰ পিছৰে পৰাই পথচাৰীয়ে এইদৰে তুলুঙা নাওৰে পাৰাপাৰ হৈ আছে । নাওঁৰ পৰা মাজে মাজে মানুহ পৰি যায় বুলি জনা গৈছে ।বাইক আৰু চাইকেল লৈ পথচাৰীৰ এক বিপদ সংকুল যাত্ৰা।চাওক কেনেদৰে বিপদ সংকুল ভাবে পানীত নাৱেৰে আগুৱাই আছে। নিতৌ শশ লোকৰ লগতে বহু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী পাৰাপাৰ হবলগীয়া হৈছে, বিপদসংকুলভাৱে ।সেয়ে শীঘ্ৰে নতুন দলং নতুবা এখন সাকো বনাই দিবলৈ ৰাইজে দাবী জনাইছে ।

byte . 1. Mehdi hassan, ABMSU Bijni dist.
2.পথচাৰী

Conclusion:এয়াই হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ নমুনা । পৰিৱৰ্তনৰ শ্লোগানেৰে অসমত চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ পৰিৱৰ্ত আৰু বড়ো-অবড়োৰ ৰাজনীতিৰে বিটিচি তোলপাৰ কৰা কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ শৰনীয়াৰ নিজৰ সমষ্টীৰ দৃশ্য । কোনেও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.