বঙাইগাঁও, ৬ মাৰ্চঃ বঙাইগাঁও জিলাৰ চাপৰাকাটাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চাইকেল আৰোহীক বচাবলৈ গৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় শ্ৰমিক কঢ়িয়াই অনা এখন বাহন ।
AS 26 C 1076 নম্বৰৰ এখন টাটা ম'বাইল বাহনে ঢালাইৰ কাম কৰিবলৈ প্ৰায় ২৫গৰাকী শ্ৰমিক কঢ়িয়াই আনিছিল । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰাকাটাৰ সমীপত বাহনখনে এগৰাকী চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে । ফলত বাহনখনত থকা আটাইকেইগৰাকী শ্ৰমিকে কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয় ।
আহতসকলক ততালিকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তিনিগৰাকী শ্ৰমিক নিহত হোৱা বুলি ঘোষনা কৰে । নিহতসকলক ক্ৰমে কৰিমন নেছা (৩৪),খাইৰুন নেছা (৩৫)আৰু ৰজব আলী(৪২) বুলি চিনাক্ত কৰিছে । আনহাতে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ কৰিছে চিকিৎসকে ।
আনহাতে দুৰ্ঘটনাত আহত হয় ২০ৰো অধিক শ্ৰমিক । আহতসকলৰ ভিতৰত ক্ৰমে, শুক্কুৰ (১৮), জৰিফ আলী (৩৩), জলিমন বিবি (৫২), জয়ভানু খাতুন (৩৭), মনোৱাৰা খাতুন(৩৮) আৰু ছাহেৰা খাতুনক চিনাক্ত কৰা হৈছে যদিও বাকীসকলক এতিয়ালৈকে চিনাক্ত হোৱা নাই ।
ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিহতসকলৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।