ETV Bharat / state

চিৰাঙত চাৰিলেন যুক্ত পথ নিৰ্মানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 21, 2021, 9:44 AM IST

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত Bharat-Bhutan Borde)ৰ আমগুৰীত ৰাইজে "অসম মালা" আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া চাৰিলেন যুক্ত পথ (Four Land Road) নিৰ্মানৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ(protest) সাব্যস্ত কৰে ৰাইজে । চাৰিলেন যুক্ত পথ নিৰ্মান কৰিবলগৈ খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷

public protest Against Fourland Road At Chirang District
চিৰাঙত চাৰিলেন যুক্ত পথ নিৰ্মানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

চিৰাং, 21 জুন : চিৰাং জিলাৰ আমগুৰিত পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ । জিলাখনৰ ভাৰত-ভূটান সীমান্ত (India-bhutan border)ৰ আমগুৰিত বছৰ-বছৰ ধৰি বসবাসকৰা লোক সকলক উচ্ছেদ কৰি চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ কৰাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । "অসম মালা আঁচনি" (ASSAM MALA SCHEME)ৰ অধীনত চাপাগুৰীৰ ৩১ নং 'চি' ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমগুৰী, কয়লা-ময়লা হৈ মালিভিটা শশীপুৰ লৈকে সংযোগী চাৰিলেন যুক্ত প্ৰস্তাৱিত পথ নিৰ্মাণৰ দিশ পৰিবৰ্তন কৰাৰ দাবীত সোমবাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি নিৰ্মাণ হ'বলগা পথছোৱা আমগুৰিৰ এটা জনবসতি এলেকাৰ মাজেদি নিৰ্মাণ কৰাৰ বিৰোধিতা কৰিছে কাৰণ উক্ত জনবসতি পূৰ্ণ এলেকাৰে যদি পথছোৱা নিৰ্মাণ কৰে, তেন্তে প্ৰায় ৪০ টা পৰিয়াল উচ্ছেদিত হ'ব লাগিব । তাৰ বিৰোধিতা কৰাৰ কাৰণেই এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে বুলি মন্তব্য কৰিছে ৰাইজে । তেওঁলোকে ইতিমধ্যে এই সমস্যাটো সমাধান কৰাৰ কাৰণে পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী( Chief Minister) ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), মন্ত্ৰী চন্দন ব্ৰহ্ম (Chandan Brahma), জিলা উপায়ুক্তক লিখিত অভিযোগ কৰিছিল ৷

কিন্তু এই অঞ্চলৰ ৰাইজৰ অসুবিধাৰ কথা চিন্তা নকৰি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে পূৰ্বৰ পৰিকল্পনা অনুসৰি পথটো নিৰ্মাণ কৰাৰ বাবে ৰাজহ চক্ৰৰ লাট মণ্ডলৰ দ্বাৰা জৰীপ কৰা বুলি অভিযোগ কৰিছে ৰাইজে ।

এই সংক্ৰান্তত অসম চৰকাৰ তথা বিটিআৰ (BTR) প্ৰশাসনে গুৰুত্ব আৰোপ কৰি ৰাইজক সকাহ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী সকলে । উল্লেখ্য যে, আমগুৰিৰ পূৱে মাক্ৰা নৈ (Makra River) ৰ গৰাখহনীয়াত ইতিমধ্যে আমগুৰীৰ বৃহৎ অংশ নদীৰ বুকুত জাহ গৈছে আৰু পশ্চিমে নাঙলভাঙা নদীৰ গৰাখহনীয়াত জাহ গৈছে বৃহৎ অংশ । যিখিনি পাট্টা মাটিতখহনীয়া পিড়িত গাঁওবাসীয়ে বাস কৰি আছে সেয়াও যদি পথ নিৰ্মানৰ নামত উচ্ছেদ কৰে তেন্তে এই সকল লোক ক'ত যাব বুলিও প্ৰশ্ন কৰে প্ৰতিবাদকাৰী সকলে ।

আমগুৰীৰ মাজেৰে যোৱা পথটোকেই উন্নীত কৰি অসম মালাৰ পথ নিৰ্মাণ কৰাৰ বাবে দাবী জনায় অঞ্চলটোৰ গাঁওবাসীয়ে । গাঁওবাসীয়ে প্ৰতিবাদ কৰি থকা সময়তে উক্ত পথেৰে সীমান্তৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা চিদলীৰ বিধায় (MLA)ক জয়ন্ত বসুমতাৰী আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহৰ সন্মুখতো ৰাইজে প্ৰতিবাদ জনোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক-অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.