চিৰাং, 3 এপ্ৰিল : শনিবাৰে ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ফনীন বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে ৷ এই উপলক্ষে বিজনীৰ বৰলাউ গাঁৱত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।
সভাত প্ৰমোদ বড়ো অধিক আক্ৰমণাত্মক হৈ পৰে বিপিএফৰ বিৰুদ্ধে । সাংবাদিকৰ সম্বোধন কৰি প্ৰমোদ বড়োৱে কয়, এইবাৰ বিটিচিত ইউপিপিএল জয় নিশ্চিত ৷ ইয়াৰ সমান্তৰালভাৱে সভাত উপস্থিত থাকি ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মও বিপিএফক উদ্দেশ্যি সমালোচনামূলক মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস