ETV Bharat / state

অসমত অসমীয়া ভাষা লৈ চৰকাৰে কৰা কোণো ধৰণৰ ষড়যন্ত্ৰ মানি লোৱা নহ'ব!

author img

By

Published : Dec 26, 2019, 9:31 PM IST

বিটিচিত অসমীয়া ভাষা সহযোগী ভাষা কৰাৰ ষড়যন্ত্ৰ কোণো কাৰণতে মানি লোৱা নহ'ব বুলি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই মন্তব্য কৰে ৷ জনজাতীকৰণ আন্দোলন মষিমুৰ কৰিবলৈ চৰকাৰে বিভিন্ন স্বায়ত্ব শাসন দিয়াৰ অভিযোগ কৰে সাংসদ গৰাকীয়ে ৷ লগতে অসমত যিসকল ভাৰতীয় লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে তেওঁলোকক যিকোনো প্ৰকাৰে অন্তৰ্ভূক্ত কৰি ল'বলৈ দাবী জনায় সাংসদ গৰাকীয়ে ৷

Mp Sarania press meet
নৱ শৰণীয়াৰ সংবাদমেল

বঙাইগাঁও, 26 ডিচেম্বৰঃ " অসমত নাগৰিকত্ব সংশোধনী আইন বিৰেধী আন্দোলন তল পেলাবলৈ অসম চৰকাৰে বিটিচিত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰিছে ৷" বৃহস্পতিবাৰে বঙাইগাঁও প্ৰেচক্লাৱত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

নৱ শৰণীয়াৰ মন্তব্য

সংবাদমেলত সাংসদ গৰাকীয়ে , শেহতীয়াকৈ অসম চৰকাৰে কেবিনেটত বিটিচিত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰা সিদ্ধান্তক তীব্ৰ বিৰেধিতা কৰে ৷ অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন তল পেলাবলৈ অসম চৰকাৰে অসম চৰকাৰে এই ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বুলি সাংসদজনে প্ৰকাশ কৰে ৷ অসমীয়া ভাষা দ্বিতীয় কৰাৰ ষড়যন্ত্ৰ কোনো পধ্যেই মানি নোলোৱাৰো হুংকাৰ দিয়ে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ ইয়াৰোপৰিও তেওঁ অভিযোগ কৰে যে, জনগোষ্টীৰ জনজাতীকৰণ আন্দোলন আৰু সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমুৰ কৰিবলৈয়ে চৰকাৰে বিভিন্ন জনগোষ্টীক স্বায়ত্ব শাসন দিছে । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই এই কথা স্বিকাৰ কৰিছে বুলিও কয় সাংসদ গৰাকীয়ে ৷ তদুপৰি অসম চৰকাৰে সংশোধিত নাগৰিকত্ব আইন সমৰ্থন কৰি যি ভুল কৰিলে সেয়া অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ জড়িয়তে সুধৰাই লোৱাৰো দাবী জনাই সাংসদ গৰাকীয়ে ৷ মুঠতে অসমত অসমীয়া ভাষা লৈ চৰকাৰে কৰা কোণো ধৰনৰ ষড়যন্ত্ৰ মানি নোলোৱাৰ হুংকাৰ দিয়ে সাংসদজনে । তেওঁ স্পষ্টভাৱে কয় যে, বিটিচিত 19 শতাংশ বড়ো লোকৰ বাবে 81 শতাংশ অসমীয়া লোক বঞ্চিত হোৱাটো মানি লোৱা নহ'ব ৷

লগতে পঢ়ক - বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

Intro:বঙাইগাঁওত সাংসদ নৱ শৰণীয়াৰ সংবাদমেল । বিটিচিত অসমীয়া ভাষা সহযোগি কৰাৰ ষৰযন্ত্ৰ বিৰুদ্ধে ক্ষোভ । জনজাতী কৰন আন্দোলন মহিমুৰ কৰিবলৈ বিভিন্ন স্বায়ত্ব শাসন দিয়াৰ অভিযোগ ।

Body:আজি বঙাইগাঁও প্ৰেচক্লাৱত কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰনীয়াৰ সংবাদমেল । শেষতীয়াকৈ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি বিটিচিত অসমীয়া ভাষাক সহযোগি ভাষা কৰাৰ তিব্ৰ বিৰোধিতা কৰে । অসমত নাগৰিকত্ব সংশোধনি আইন বিৰোধি আন্দোলন তল পেলাবলৈ অসম চৰকাৰে এই ধৰনৰ হঠকাৰী সিদ্ধান্ত গ্ৰহন কৰাৰ কথা কয় সাংসদজনে। অসমীয়া ভাষা দ্বিতীয় কৰাৰ ষৰযন্ত্ৰ কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ দিয়ে সাংসদ জনে । তেওঁ সংবাদ মেলত আৰু কয় যে ছয় জনগোষ্টীৰ জনজাতীকৰন আন্দোলন আৰু নাগৰিকত্ব সংশোধনি আইন বিৰোধি আন্দোলন মহিমুৰ কৰিবলৈয়ে চৰকাৰে বিভিন্ন জনগোষ্টীক স্বায়ত্ব শাসন দিছে । যিটো ইতিমধ্যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই স্বিকাৰ কৰিছে বুলিও কয় সাংসদ জনে । অসম চৰকাৰে নাগৰিকত্ব সংশোধনি আইন সমৰ্থন কৰি যি ভুল কৰিলে সেয়া অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ জড়িয়তে সুধৰাই লোৱাৰ বাবে দাবী জনায় । লগতে অসমত যিসকল ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে তেওঁলোকক যিকোনো প্ৰকাৰে অন্তৰ্ভূক্ত কৰি লবলৈ দাবী জনায় ।

বাইট : নৱ কুমাৰ শৰণীয়া,সাংসদ কোকৰাঝাৰ লোকসভা ।

Conclusion:মুঠতে অসমত অসমীয়া ভাষা লৈ চৰকাৰে কৰা কোনো ধৰনৰ ষৰযন্ত্ৰ মানি নোলোৱাৰ হুংকাৰ দিয়ে সাংসদজনে। তেওঁ স্পষ্ট ভাৱে কয় যে বিটিচিত ১৯ শতাংশ বড়ো লোকৰ বাবে ৮১ শতাংশ অসমীয়া লোকে বঞ্চিত হোৱাটো মানি লোৱা নহব বুলি কয়।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.