ETV Bharat / state

শ্বহীদ দিৱস উদযাপনক লৈ আক্ৰাছুৰ দুই গোটৰ সংঘাত তুংগত

author img

By

Published : Jan 11, 2020, 10:00 AM IST

শুকুৰবাৰে চিদলীস্থিত আক্ৰাছুৰ চিদলী আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত আক্ৰাছুৰ এখন সংবাদমেলত আক্ৰাছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা প্ৰদিপ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণে সংগঠনটোৰ আন এটা গোটৰ নেতা হিতেশ্বৰ বৰ্মণক তীব্ৰ সমালোচনা কৰে ৷ সংবাদমেল খনত সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে অভিযোগ কৰে যে হিতেশ্বৰ বৰ্মণে জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত বাধাৰ সৃষ্টি কৰিছে ৷

Press meet of AKRASU
চিদলীত আক্ৰাছুৰ সংবাদমেল

চিৰাং,11 জানুৱাৰীঃ "সুদীৰ্ঘ 19 বছৰৰ পাচত হিতেশ্বৰ বৰ্মণে বিএলটিক সঞ্জিৱ ৰায়ৰ হত্যাকাৰী বুলি সন্দেহ কৰিলে ৷ যদি হিতেশ্বৰ বৰ্মণে জানিছিল যে শ্বহিদ সঞ্জিৱ ৰায়ক বিএল টিয়ে হত্যা কৰিছিল তেতিয়া তেওঁ কিয় থানাত গোচৰ তৰা নাছিল ?" সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা প্ৰদিপ ৰায়ে এই মন্তব্য প্ৰকাশ কৰে৷ শুকুৰবাৰে চিৰাঙৰ চিদলীস্থিত আক্ৰাছুৰ চিদলী আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত আক্ৰাছুৰ এখন সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা প্ৰদিপ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণে সংগঠনটোৰ আন এটা গোটৰ নেতা হিতেশ্বৰ বৰ্মণক কঠোৰ ভাৱে সমালোচনা কৰে৷

চিদলী
শ্বহীদ দিৱস উদযাপনক লৈ আক্ৰাছুৰ দুই গোটৰ সংঘাত তুংগত

এই সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা প্ৰদিপ ৰায়ে কয় যে 2001 চনত সঞ্জিৱ ৰায়ক গুলীয়াই হত্যা কৰা ঘটনাক তেওঁলোকে তীব্ৰ গৰিহণা দিছিল আৰু সেই সময়ত তেওঁলোকৰ সংগঠনটোৱে হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়াৰ দাবী জনাইছিল ৷ কিন্তু সেই সময়ত প্ৰতক্ষ্যভাৱে কোনো দল সংগঠনলৈ আঙুলি টোৱাই সন্দেহ কৰা হোৱা নাছিল ৷ তেওঁ লগতে প্ৰশ্ন কৰে যে সুদীৰ্ঘ 19 বছৰৰ পাচত এতিয়া কিয় হিতেশ্বৰ বৰ্মণে বিএলটিক সঞ্জিৱ ৰায়ৰ হত্যাকাৰী বুলি সন্দেহ কৰিলে ৷ যদি তেওঁ জানিছিল শ্বহীদ সঞ্জিৱ ৰায়ক বিএলটিয়ে হত্যা কৰিছিল তেতিয়া তেওঁ কিয় থানাত গোচৰ নতৰিলে বুলিও প্ৰদিপ ৰায়ে প্ৰশ্ন কৰে ৷ তদুপৰি সংগঠনটোৰ সাধাৰণ সম্পাদক গোকুল বৰ্মণে হিতেশ্বৰ বৰ্মণক কটাক্ষ কৰি কয় যে হিতেশ্বৰ বৰ্মণে নিৰ্লজ্জভাৱে পাহৰিলেও প্ৰতিজন কোঁচ ৰাজবংশী লোকে জানে যে আক্ৰাছুৰ সভাপতি হোৱাৰ পিচত কাৰ টকাৰে তেওঁ ৰাতিটোৰ ভিতৰত সাৰৰ দোকানীৰ পৰা কোটিপতি হ'ল। হিতেশ্বৰ বৰ্মণে যোৱা বিধানসভা নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনত কাৰ পৰা 5 কোটি টকা লৈছিল যদি সাহস আছে ৰাজহুৱা কৰক বুলি কয় আক্ৰাছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ লগতে তেওঁ কয় যে যিজন হিতেশ্বৰ বৰ্মণে আজি সঞ্জিৱ ৰায়ৰ হত্যাকাৰী বুলি বিএলটিক দোষাৰোপ কৰি আছে তেওঁ আক্ৰাছুৰ সভাপতি হৈ থাকোতে 2017 চনত নিজৰ গাঁও কালিপুখুৰিত আক্ৰাছুৰ শ্বহীদ দিৱসত হাগ্ৰামা মহিলাৰীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল ৷ উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনৰ পিচতে আক্ৰাছুৰ মাজত বিভাজন হৈ দুটা গোটৰ সৃষ্টি হয় আৰু সেই দুই গোটৰ মাজত সংঘাত এতিয়া তুংগত উঠিছে ৷ শুকুৰবাৰৰ এই সংবানমেলখন তাৰেই প্ৰমাণ ৷

শ্বহীদ দিৱস উদযাপনক লৈ আক্ৰাছুৰ দুই গোটৰ সংঘাত তুংগত

লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

Intro:চিৰাঙৰ চিদলীত আক্ৰাছুৰ সংবাদমেল। শ্বহিদ দিৱস উদযাপনক লৈ দুই গোটৰ সংঘাত তুঙ্গত । 

Body:চিৰাং জিলাৰ চিদলী স্থিত আক্ৰাছুৰ চিদলী আঞ্চলিক কাৰ্য্যালয়ত আক্ৰাছুৰ সংবাদমেল । সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা প্তদিপ ৰায় আৰু সাধাৰন সম্পাদক গোকুল বৰ্মনে সংবাদমেলত সংগঠনৰ টোৰ আন এটা গোটৰ নেতা হিতেশ্বৰ বৰ্মনক কঠোৰ ভাৱে সমালোচনা কৰে । সংবাদ মেলত আক্ৰাছুৰ উপদেষ্টা প্ৰদিপ ৰায়ে কয় যে যোৱা ৭ জানুৱাৰীত ধুবুৰীৰ গোলকগঞ্জত আক্ৰাছুয়ে কেন্দ্ৰীয় ভাৱে শ্বহুদ দিৱস পালন কৰিছিল । উক্ত শ্বহিদ দিৱসৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সহ কেবাজনো মন্ত্ৰী আৰু বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীক নিমন্ত্ৰন কৰা হৈছিল । উক্ত সভাহ হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মক নিমন্ত্ৰন কৰাৰ বাবে আক্ৰাছুৰ বিভাজিত গোটৰ নেতা তথা জাতীয় শক্ৰু হিতেশ্বৰ বৰ্মনে শ্বহিদ সঞ্জিৱ ৰায়ক দ্বিতীয় বাৰ হত্যা কৰাৰ অভিযোগ কৰা দৃষ্টিগোচৰ হৈছে বুলি কোৱাৰ লগতে কয় যে জাতীয় শ্বহিদ সঞ্জিৱ ৰায়ক বাক্সাৰ গোতেশ্বৰত কোনে কিয় হত্যা কৰিছিল সেয়া আজিও প্ৰকাশ নহল । সেই সময়তে আক্ৰাছুয়ে চৰকাৰক দাবী জনোৱা হৈছিল হত্যাকাৰীক চিনাক্ত কৰি শাস্থি দিয়াৰ বাবে । সেই সময়ত প্ৰত্যক্ষ ভাৱে কোনো দল সংগঠনলৈ আঙুলি টোৱাই সন্দেহ কৰা হোৱা নাছিল । যদিহে হিতেশ্বৰ বৰ্মনে জানিছিল যে শ্বহিদ সঞ্জিৱ ৰায়ক বি এল টিয়ে হত্যা কৰা বুলি  তেতিয়া কিয় থানাত গোচৰ তৰা নাছিল বুলি প্ৰশ্ন কৰে । সুদীৰ্ঘ ১৯ বছৰৰ পিচত কিয় সঞ্জিৱ ৰায়ৰ হত্যাকাৰী বি এল টি বুলি কিয় সন্দেহ কৰিলে ? ইয়াৰ ৰহস্য কি বুলিও প্ৰশ্ন কৰে । হুতেশ্বৰ বৰ্মনে নিৰ্লজ্য ভাৱে পাহৰিলেও প্ৰতিজন কোঁচ ৰাজবংশী লোকে জানে যে আক্ৰাছুৰ সভাপতি হোৱাৰ পিচত কাৰ টকাৰে ৰাতিটোৰ ভিতৰত সাৰৰ দোকানীৰ পৰা কোটীপতি হল । হিতেশ্বৰ বৰ্মনে যোৱা বিধান সভা নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনত কাৰ পৰা ৫ কোটী টকা লৈছিল যদি সাহশ আছে ৰাজহুৱা কৰক বুলি কয় আক্ৰাছুৰ সাধাৰন সম্পাদক গোকুল বৰ্মনে । যিজন হিতেশ্বৰ বৰ্মনে আজি সঞ্জিৱ হত্যাকাৰী বুলি বিএলটিক দোষাৰোপ কৰি আছে তেওঁ আক্ৰাছুৰ সভাপতি হৈ থাকোতে ২০১৭ চনত নিজৰ গাঁও কালিপুখুৰিত আক্ৰাছুৰ শ্বহিদ দিৱসত  হাগ্ৰামা মহিলাৰীক মুখ্য অতিথি হিচাবে আমন্ত্ৰন কৰিছিল বুলিও অভিযোগ কৰি কৰি কয় তেতিয়া হিতেশ্বৰ বৰ্মনক পাপে ছুৱা নাছিল নেকি বুলিও প্ৰশ্ন কৰে । হিতেশ্বৰ বৰ্মন আজি কাৰ টকাৰে বলিয়ান হৈছে সেয়া সকলোৱে জানে । ভূতৰ মুখত ৰাম নাম বুলিও কয় । নিজৰ কুকৰ্ম ঢকাৰ বাবে মিছাৰ আশ্ৰয় লৈ জাতীটোক লজ্জানত কৰা কাৰ্য্যক আমি নিন্দা আৰু ঘৃনা কৰো বুলিও কয় । আক্ৰাছুক বিভাজন কৰি নিজকে জাতীৰ স্বয়ম্ভু নেতা বুলি জাহিৰ কৰি ফুৰা হিতেশ্বৰ বৰ্মনে জাতী গোষ্ঠীৰ পৰা বিচ্ছিন্ন হৈ বলীয়া হোৱাৰ পিচত এতিয়া জনজাতীকৰন আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত বাধাৰ সৃষ্টী কৰা বুলি অভিযোগ কৰি কয় যে কোঁচ ৰাজবংশী ৰাইজে এনে ধৰনৰ নেতাক ক্ষমা নকৰিব । আক্ৰাছুৰ সাধাৰন সম্পাদক গোকুল বৰ্মনে আৰু কয় যে জাতীদ্ৰোহি হিতেশ্বৰ বৰ্মনক জাতী বিভাজন আৰু জাতীৰ বিৰোধি আতৰি থকাৰ বাবে সকিয়াই দি কয় যে আমিও হাত সাৱটি বহি নাথাকো ।

Conclusion:যোৱা লোকসভা নিৰ্ব্বাচনৰ পিচতে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ মাজত বিভাজন হৈ দুটা গোটৰ সৃষ্টী হয় আৰু দুই গোটৰ মাজত সংঘাত তুঙ্গত উঠিছে । আজিৰ সংবাদ মেলখনেই তাৰ প্ৰমান । আজিৰ এই সংবাদমেলত আক্ৰাছুৰ আন কেবাজনো নেতা উপস্থিত থাকে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.