চিৰাং, ২৩ ডিচেম্বৰ : ‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ দেশতে উন্নয়ন হৈছে ৷ শান্তিও হৈছে ৷ এই মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । জানিব পৰা মতে, শুকুৰবাৰে চিৰাঙৰ বাঙালডোবা-ৰঞ্চাইধাম ভিচিডিচিৰ অধীনৰ দাবদোমপাৰা পাক্ৰীগুৰী মুছলিমবস্থিত উপস্থিত হয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী ৷ সেই স্থানতে তেওঁ জলজীৱন মিছনৰ অধীনত এটা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷
সংবাদ মাধ্যমৰ আগত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰা অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোকৰাঝাৰ সংমণ্ডলৰ ২ য় খণ্ডৰ অধীনত ডেৰ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি তোলা এই বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পটো ৷ এই খোৱাপানী যোগান প্ৰকল্পটোৰ পৰা তিনি শতাধিক পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱাপানী । লগতে ৪০ হাজাৰ লিটাৰ পানী মজুত ৰাখিব পৰা ক্ষমতা আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

ইফালে যিমানেই লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বোকা ছটিওৱা ৰাজনীতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিআৰত বিপিএফ আৰু ইউপিপিএলৰ মাজত এই বোকা ছটিওৱা ৰাজনীতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে ।

ইয়াৰ মাজতে বৃদ্ধি পাইছে আকৌ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন, উদ্বোধনৰ সমান্তৰালভাৱে ৰাজনৈতিক দলৰ যোগদান লৈয়ো সৃষ্টি হোৱা বিতৰ্কৰ । কিছুদিন পূৰ্বে বিপিএফে পৰীক্ষাৰ সময়ত যুৱক, ছাত্ৰ-ছাত্ৰীসকলক লৈ যোগদানৰ নাটক কৰাৰ অভিযোগ কৰে বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে । আনকি হাগ্ৰামা মহিলাৰীৰ "বাথৌ খেৰাই" নামৰ ৰিজ’ৰ্টত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱা বুলি অভিযোগ কৰে প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে, শুকুৰবাৰে মুছলিমবস্থিত খোৱাপানী যোগান আঁচনি শুভ উদ্বোধন অনুষ্ঠানত প্ৰমোদ বড়োৰ লগত থাকে বিভাগীয় কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰী , ধৰ্মনাৰায়ণ দাস, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, পাৰিষদদ্বয় ক্ৰমে মাধৱ ছেত্ৰী আৰু ছাইকং বসুমতাৰীসহ বিটিআৰৰ বিভাগীয় সঞ্চালক পুষ্প অধিকাৰী আৰু অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীসহ স্থানীয় লোকৰ উপস্থিতিত উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
লগতে পঢ়ক : কৃষকৰ হিতৰ বাবে একত্ৰিত হ’ব অসমৰ কৃষি আৰু জলসিঞ্চন বিভাগ