চিৰাং, ১ জুন: বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা । ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে জিলাখনৰ ৰাখালদুবীত দুজন সাংবাদিক আটক । ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে এটা নিউজ প’ৰ্টেলৰ সাংবাদিক কেইজনক ।
![drugs peddler](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-bongaigaonportelreporterarrestwithdrugs-vis-10012_01062021180031_0106f_1622550631_96.jpg)
চিৰিঞ্জ, কন্টেইনাৰসহ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ তথাকথিত সাংবাদিক কেইজনৰ পৰা । AS-০১-BM-৩৮৪২ নম্বৰৰ প্ৰেছ লিখিত ইণ্ডিগ' বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি । এটা ৱেব প’ৰ্টেলটোৰ অভয়াপুৰীৰ সাংবাদিক নিকু বনিক্য আৰু অমিত ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
![drugs peddler](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-bongaigaonportelreporterarrestwithdrugs-vis-10012_01062021180031_0106f_1622550631_547.jpg)
সাংবাদিকতাৰ ক্ষেত্ৰখনক লজ্জিত কৰি এনেদৰে একাংশ ভুৱা সাংবাদিকে কৰা এই ধৰণৰ অনৈতিক কাৰ্যকলাপত এতিয়া ক্ষোভিত হৈছে সাংবাদিক সমাজ । তেওঁলোকক ভুৱা সাংবাদিক আখ্যা দিয়াৰ লগতে কঠোৰ শাস্তিৰ দাবী তুলিছে সভ্য সমাজে ।
লগতে পঢ়ক:ধুবুৰীত ৰাজপথৰ ভোকাতুৰ জীৱ-জন্তুৰ কাষত স্বেচ্ছাসেৱী সংগঠন