ETV Bharat / state

চিৰাঙত দহ হেজাৰ গছ পুলি ৰোপণ কৰাৰ লক্ষ্য চি আৰ পি এফৰ - ১৫৬ বেটেলিয়ন

পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে চিৰাঙত চি আৰ পি এফৰ জোৱান সকলে আৰম্ভ কৰিছে এক বিশেষ পদক্ষেপ ৷ ইতিমধ্যে ১৫৬ বেটেলিয়নৰ জোৱান সকলে জিলা খনৰ বিভিন্ন ঠাইত ৰোপণ কৰিছে বহু গছ পুলি ৷

plantation by CRPF in Chirang District
চিৰাঙত দহ হেজাৰ গছ পুলি ৰোপণ কৰাৰ লক্ষ্য চি আৰ পি এফৰ
author img

By

Published : Jun 23, 2020, 8:57 PM IST

চিৰাং, 23জুনঃ চিৰাঙত চি আৰ পি এফৰ ১৫৬ বেটেলিয়নৰ জোৱান সকলে গছপুলি ৰোপন কাৰ্যসূচী আৰম্ভ কৰে । বিশ্ব পৰিৱেশ দিৱশৰ লগত সংগতি ৰাখি দহ হেজাৰ গছ পুলি ৰোপণ কৰিব বুলি সাংবাদিকৰ আগত সদৰি কৰে কমাণ্ডাৰ ৰবি মুণ্ডাই ৷

চিৰাং জিলাৰ বিভিন্ন ঠাইত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চিৰাঙত চি আৰ পি এফৰ ১৫৬ বেটেলিয়নৰ জোৱান সকলে ইতিমধ্যে গছপুলি ৰোপন কাৰ্যসূচী আৰম্ভ কৰিছে । চিআৰপিএফৰ তৰফৰ পৰা দহ হেজাৰ গছপুলি ৰোপনৰ লক্ষ্য বান্ধি লৈ গছপুলি ৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে । চিআৰপিএফৰ ১৫৬ বেটেলিয়নৰ চিৰাঙৰ কমাণ্ডাৰ ৰবি মুণ্ডাই জনায় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি জলবায়ু প্ৰদূষণৰ পৰা দেশক ৰক্ষা কৰাৰ উদ্দেশ্যে গছপুলি ৰোপন কৰিছে ৷

চিৰাঙত দহ হেজাৰ গছ পুলি ৰোপণ কৰাৰ লক্ষ্য চি আৰ পি এফৰ

ইতিমধ্যে চিৰাঙৰ ছাপাগুৰীৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মাজ অংশ, পাণবাৰী,বেংতল আদিৰ লগতে বিভিন্ন ঠাইত গছপুলি ৰোপন কৰে চি আৰ পি এফৰ জোৱান সকলে । কমাণ্ডাৰ জনে আৰু কয় যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ পুলি ৰোপন কৰিবই লাগিব । এজোপা গছ ডাঙৰ দীঘল কৰা মানেই দহজন লৰা-ছোৱালীৰ দৰেই সমান উপকাৰত আহে । তাৰোপৰি এজোপা গছৰ পৰা কেবাটাও প্ৰজন্ম লৈ ইয়াৰ পৰা বহু উপকৃত হয় ।

লগতে পঢ়ক- ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে প্ৰস্তুত কৰিছে এটি বিশেষ গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.