চিৰাঙ, 30 আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ বাবে মাত্ৰ কেইঘন্টামান বাকী থকাৰ পূৰ্বে এন আৰ চি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক সম্ৰাট ভাউৱালে ৷ বঙাইগাঁৱত সাংবাদিকেৰে হোৱা বাৰ্তালাপত বেংগলী সংগঠনটোৰ সাধাৰণ সম্পাদক জনে কয়,"বহুতো ভুল-ভ্ৰান্তিৰ মাজেৰে প্ৰকাশ হ'বলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ বাবে আমি অপেক্ষা কৰি আছো"৷
তাৰোপৰি এন আৰ চি সন্দৰ্ভত আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় নেতাজনে ৷ শেহতীয়াকৈ নাগৰিকপঞ্জীকলৈ বিভিন্নজনে ৰাজনীতি আৰম্ভ কৰাতো অভিযোগ কৰে সম্ৰাট ভাউৱালে ৷ ৰাজনীতিবিদ সকলে আৰম্ভ কৰা ধৰ্মভিত্তিক বিভাজনৰ ষড়যন্ত্ৰ কৰো বাবে ভাল লক্ষণ নহয় বুলি শেষত তেওঁ উল্লেখ কৰে ৷