ETV Bharat / state

চিৰাঙত উৎখাত তেলচুৰি চক্ৰ,আটক এজন

author img

By

Published : Jan 26, 2021, 12:11 PM IST

চিৰাং আৰক্ষীৰ অতৰ্কিত অভিযানত ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁওত টেংকাৰৰ পৰা তেল চুৰি কৰি থাকোতে এজন লোকক আটক কৰাৰ লগতে টেংকাৰসহ বহু সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।

চিৰাঙত উৎখাত তেলচুৰি চক্ৰ, আটক এজন
চিৰাঙত উৎখাত তেলচুৰি চক্ৰ, আটক এজন

চিৰাং,২৬ জানুৱাৰী : চিৰাঙ জিলাত পুনৰ সক্ৰিয় হৈছে তেলচুৰি চক্ৰ । সোমবাৰে নিশা এই তেল চুৰি চক্ৰৰ বিৰুদ্ধে জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ অভিযানত NL-০১-AA-৭৮৩০ নম্বৰৰ টেংকাৰ খনৰ পৰা এটা দলে তেল চুৰি কৰি থকা অৱস্থাত আৰক্ষীয়ে এজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অমৰ আলী নামৰ লোক জনক আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ বাকী সকল পলাই যাবলৈ সক্ষম হয় ।

চিৰাঙত উৎখাত তেলচুৰি চক্ৰ, আটক এজন
চিৰাঙত উৎখাত তেলচুৰি চক্ৰ, আটক এজন
ইফালে জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনোৱা মতে তেলচুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ভাৱে কিছুদিনৰ পৰা অভিযান অব্যাহত ৰাখিছে । সেই অনুসৰিয়ে অভিযান চলোৱা হৈছিল। অভিযানত লোকজনক আটক কৰাৰ লগতে টেংকাৰ আৰু AS-০১-AY-৪৪৫৭ নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰা হয় । তেলচুৰি চক্ৰটোৱে ব্য়ৱহাৰ কৰা কেইবাটাও প্লাষ্টিকৰ ড্ৰামো জব্দ কৰে আৰক্ষীয়ে ।
চিৰাঙত উৎখাত তেলচুৰি চক্ৰ, আটক এজন
চিৰাঙত উৎখাত তেলচুৰি চক্ৰ, আটক এজন

অভিযানৰ নেতৃত্বত আছিল অতিৰিক্ত আৰক্ষী অধীক্ষক,জিলা সদৰ উপ আৰক্ষী অধীক্ষক আৰু ঢালিগাঁও থানাৰ আৰক্ষীৰ এটা দল ।

লগতে পঢ়ক :৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.