ETV Bharat / state

লিগেচীত নাম থকা সত্বেও নাহিল 'এন আৰ চি'ত নাম

নাম নাহিল চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ময়নাল হকৰ পুত্ৰ ছলিমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ৷ পিতৃৰ ১৯৬৬ লিগেছীত নাম থকাৰ লগতে ১৯৬২ চনৰ পৰাই আছে ভূমি পট্টা ৷

লিগেচী নাম থকা সত্বেও নাহিল 'এন আৰ চি'ত নাম
author img

By

Published : Sep 12, 2019, 11:04 AM IST

চিৰাং,12 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্তিক লৈ যথেষ্ট বিপাঙত পৰিছে একাংশ লোক ৷ একেটা পৰিয়ালৰে এজন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ আন এজনৰ নাম বাদ পৰাৰ ঘটনা এতিয়া তেনেই সাধাৰণ হৈ পৰিছে ৷ চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ময়নাল হকৰ পুত্ৰ ছলিমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ক্ষেত্ৰতো সংঘটিত হ'ল অনুৰূপ ঘটনা ৷

লিগেচী নাম থকা সত্বেও নাহিল 'এন আৰ চি'ত নাম

প্ৰথম এন আৰ চি খচৰাত নাম প্ৰকাশ নোপোৱাত ব্যক্তিজনে বিচাৰ-খোচাৰ কৰি এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা জানিব পাৰে যে বিদেশী ন্যায়াধীকৰণত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে ৷ কিন্তু গোৱালপাৰা,বঙাইগাঁও,কাজলগাওঁ বিদেশী ন্যায়াধীকৰণত গৈ ব্যক্তিজনে জানিব পাৰে যে তেওঁৰ বিৰুদ্ধে ৰুজু নাই কোনো গোচৰ ৷

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কোনো গোচৰ নথকা সত্বেও এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা বাৰে বাৰে জাননী লাভ কৰাক লৈ ৷ জাননীৰ সহাৰি জনাই শুনানীত উপস্থিত থাকিও এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাক লৈ হতাশাত ভুগিছে পৰিয়ালটো ৷ ইয়াত কোনো দুষ্ট চক্ৰই এই দৰিদ্ৰ পৰিয়ালটোৰ বিৰুদ্ধে এই কাম কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে,তেওঁৰ দেউতাকক ১৯৬৬ লিগেছীত নাম থকাৰ লগতে ১৯৬২ চনৰ পৰাই আছে ভূমি পট্টা ৷

Intro:চিৰাঙৰ দৰিদ্ৰ লোকক বিদেশী ন্যায়াধিকৰনত গোচৰ থকাৰ দোহাই দি নাম কৰ্তন এন আৰ চিৰ পৰা। কিন্ত ৪/৫ খন জিলাৰ কোনো বিদেশী ন্যায়াধিকৰনত নাই কোনো গোচৰ।।

Body: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাত বহুতৰে নাম নথকাত হতাশা গ্ৰস্ত হৈ পৰিছে চিৰাং জিলাৰ আলুখুন্দা, বাল্লিমাৰী, বিষডোবা,পাণবাৰী অঞ্চলৰ ৰাইজৰ। চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ময়নাল হকৰ পুত্ৰ ছলিমুদ্দিন আলি নাম অহা নাম নাই একে পৰিয়ালৰ এজনৰ নাম আহিছে। NRC ত নাম অন্তৰ্ভুক্ত কৰে যদিও প্ৰথম খচৰাত নাম প্ৰকাশ নাপালে কিছুদিন পিছত NSK পৰা জাননী দিয়ে বিদেশী ন্যায়ালয়লৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে বুলি জনাই । গোৱালপাৰা, বঙাইগাঁও, কাজলগাওঁ বিদেশী ন্যায়াধিকৰন লৈ গৈ বিচাৰ খোচাৰ কৰে যদিও তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই বুলি জনায়। এতিয়া এটা প্ৰশ্ন উত্থাপিত হৈছে যদি কোনো গোচৰ ৰুজু হোৱা নাই কিয় বাৰে বাৰে জাননী আহি আছে্, কেইবাবাৰো হিয়াৰিং কৰাৰ পিছতো নাম নথকাত পৰিয়ালটো এতিয়া হতাশাত ভুগিব লগা হৈছে । ইয়াত কোনো দুষ্ট চক্ৰই এই দৰিদ্ৰ পৰিয়ালটোৰ বিৰুদ্ধে এই কাম কৰি আছে বুলি সন্দেহ কৰিছে। তেওঁৰ দেউতাকক ১৯৬৬ লিগেছীত নাম আছে ১৯৬২ মাটিৰ পট্টা ভূমি আছে ১৯৭০ লিগেছী থকাৰ উপৰিও বহুত নথিপত্ৰ আছে । দিন কাম কৰি খোৱা মানুহ আমি কি কৰিম বুজিব পৰা নাই তেওঁ NRC ত নাম নোহোৱাত কয় সকলো নথি থাকিও এন আৰ চিত নাম অন্তৰ্ভুক্ত নহলে মৰাৰ বাদে যেন উপায় নাই ।

বাইট তিনিটা দিলো ।

Conclusion:সকলোতেই এই সদ্য প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকা লৈ বিদ্ধেশ আৰম্ভ হৈছে । কাৰণ পিতৃ-মাতৃৰ নাম আছে সন্তানৰ নাম নাই এই ধৰনৰ বিসংগতি সচৰাচৰ দেখিবলৈ পোৱা গৈছে এন আৰ চিত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.