ETV Bharat / state

মুখেৰে নিপোটল ছবি অঁকা এগৰাকী যুৱক... - ত্ৰিপুৰা বিশ্ববিদ্যালয়

ছবি অঁকাটো হৈছে এক অন্যতম কলা ৷ এখন ছবিয়ে ফুটাই তুলিব পাৰে কোনো বাস্তৱ চিন্তা-ধাৰাক, জীৱন্ত ৰূপ প্ৰদান কৰিব পাৰে কোনো লোকক ৷ কিন্তু ইয়াৰ বাবে প্ৰয়োজন যথেষ্ট সাধনাৰ ৷ বহু লোকৰ বাবে ছবি অঁকাটো এক প্ৰহেলিকা সদৃশ যদিও, ছবি অঁকাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে মুখেৰে ছবি আঁকি সুনাম কঢ়িয়াই আনিছে এগৰাকী যুৱকে |

সৌৰভ মণ্ডল
সৌৰভ মণ্ডল
author img

By

Published : Aug 30, 2020, 7:31 PM IST

চিৰাং, 30 আগষ্ট: মুখেৰে নিপোটলভাৱে আঁকি ব্যাপক জন সমাদৰ লাভ কৰিছে চিৰাং জিলাৰ বাসুগাঁৱৰ যুৱক সৌৰভ মণ্ডলে ৷ হাতবিহীন এগৰাকী চিত্ৰশিল্পী মাৰিয়াম পাৰেৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সৌৰভেও ইউটিউৱ আদিত উপলব্ধ ভিডিঅ' যোগে আৰম্ভ কৰে মুখেৰে ছবি অঁকা ৷ বাসুগাঁও চহৰৰ সুভাষ নগৰৰ সাধন চন্দ্ৰ মণ্ডল আৰু বুলু মণ্ডলৰ পুত্ৰ সৌৰভৰ কৰ্মৰাজিয়ে সম্প্ৰতি খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত ৷

মুখেৰে নিপোটল ছবি অঁকা এগৰাকী যুৱক...

উল্লেখ্য যে, ২৩ বছৰীয়া সৌৰভ সম্প্ৰতি ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ স্নাতকোত্তৰৰ ছাত্ৰ ৷ ইয়াৰ পূৰ্বে তেওঁ কোকৰাঝাৰস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল ৷ তাতেই তেওঁ শিক্ষক সকলৰ পৰা শিকিছিল ছবি অঁকা ৷ কিন্তু ছবি অঁকাৰ বাবে তেওঁ পৃথকে কোনো ধৰণৰ প্ৰশিক্ষণ অথবা শিক্ষা গ্ৰহণ কৰা নাছিল ৷ তথাপিও তেওঁ মুখেৰে ওলোটাকৈ আঁকি গৈছে ইখনৰ পিছত সিখন ছবি ৷ সুধাকণ্ঠৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা ক্ৰিকেটাৰ এম.এছ ধোনীলৈ সকলোৰে নিপোটল ছবি আঁকি উলিয়াইছে সৌৰভে ৷ যুৱকগৰাকীৰ মন এনেদৰেই তেওঁৰ এই প্ৰতিভাক আৰু অধিক বিকশিত কৰি কলাৰ জাগতত এক সুকীয়া স্থান গঢ়াৰ ৷ তেওঁৰ আশা এটা সময়ত যেন মুখেৰে ছবি অঁকা লোকৰ নাম ভাৱিলেই মানুহৰ মনত পোনপ্ৰথমেই ভাহি আহে তেওঁৰ নাম ৷ ভৱিষ্যতে স্বাধীনতা আন্দোলনৰ সকলো সকলো শ্বহীদৰে ছবি অঁকাৰ প্ৰতি ধাউতি থকা এই যুৱকগৰাকীৰ শিল্পপিপাসু মনটোয়ে আৰু অধিক ঠন ধৰি উঠক ৷

লগতে পঢ়ক: ক্ষুদ্ৰ গ্ৰন্থ লিখি অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ছাত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.