ETV Bharat / state

Ranjit Kumar Dass slams Congress: নিৰ্বাচনক ফুটবল খেল বুলি ভাবিছে কংগ্ৰেছে: ৰণজিৎ কুমাৰ দাস - Lok Sabha election 2024

আগন্তুক লোকসভা নিৰ্বাচনক লৈ টঙালি বান্ধিছে শাসকীয় বিজেপি দলে । বিজেপি মিত্ৰজোটৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যৰে সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে মন্ত্ৰী-বিধায়ক । আজি চিৰাঙত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে দাসে ।

Minister Ranjit Kumar Das on Lok Sabha election
নিৰ্বাচনক ফুটবল খেল বুলি ভাবিছে কংগ্ৰেছে: ৰণজিৎ কুমাৰ দাস
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:03 PM IST

নিৰ্বাচনক ফুটবল খেল বুলি ভাবিছে কংগ্ৰেছে: ৰণজিৎ কুমাৰ দাস

চিৰাং,১৪ অক্টোবৰ: চিৰাং জিলাৰ বিজনীত আগন্তক লোকসভা নিৰ্বাচন উপলক্ষে বিজেপি মিত্ৰজোটৰ সাংগঠনিক সভাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । আগন্তক লোকসভা নিৰ্বাচনত নিজৰ দলীয় সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাবলৈ দলীয়ভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে বিজনী বিধানসভা সমষ্টিৰ দায়িত্বত থকা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দলীয় স্থিতি মজবুত কৰিবলৈ আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে যিহেতু জানে তেওঁলোকে জিকিব নোৱাৰে সেয়ে নিৰ্বাচন খেলিব লাগে বুলি ভাবিয়ে খেলিব । কংগ্ৰেছে এখন ফুটবল খেলৰ দৰে ভাবিছে, কিন্ত বিজেপি দলে নিৰ্বাচনী যুঁজ দিবলৈ সাজু হৈছে বুলি তেওঁ উল্লেখ কৰে । কংগ্ৰেছে আগতীয়াকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰা সন্দৰ্ভত বিজনীত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । লগতে তেওঁ কয় যে কংগ্ৰেছৰ প্ৰত্যাহ্বান নাই যদিও BJP য়ে নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াব । কংগ্ৰেছে এখন ফুটবল খেল বুলি ভাবি লৈছে আৰু গ'ল খালেও খালো নাখালেও নাই মানসিকতাৰে ফিল্ডত থাকিব লাগে বাবে ফিল্ডত আছে বুলি তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

বিজনী বিধানসভা সমষ্টিৰ মানাস ছেৰফাং আৰু থুৰিবাৰী মণ্ডল সমিতিৰ কাৰ্যকৰ্তাৰ সৈতে নিৰ্বাচনী ৰণকৌশল ৰচনা কৰাৰ উদ্দেশ্যে বিজনীত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী দাসে । তেওঁ লগতে কয় যে যিহেতু বিজেপি মিত্ৰজোট হিচাপে সমষ্টিবোৰ ভগাই লৈ প্ৰতিদন্দিতা কৰিব সেয়ে মিত্ৰজোটৰ মানসিকতা মজবুত কৰিব লাগিব ।

লগতে কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়া কোনো ফেক্টৰ নহয় বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । কাৰণ পুৰ্বতে বিটিচিত বিজেপিৰ কোনো মিত্ৰতা নাছিল কিন্তু এইবাৰ আছে । বিজেপি দলে তৃণমুল পৰ্যায়তো কাম কৰাৰ সুবিধা পাইছে গতিকে এইবাৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী কোকৰাঝাৰত জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী দাসে ।

লগতে পঢ়ক: School Amalgamation Assam: বিদ্যালয় একত্ৰীকৰণৰ নামত শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.