বৰপেটাৰোড, 9 এপ্ৰিল : নিজামুদ্দিনলৈ যদি মানুহ নগ'ল হেতেন অসমত লকডাউনৰ প্ৰয়োজন নহ'ল হেতেন এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে বৃহস্পতিবাৰে গোৱৰ্ধনাত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি নিজামুদ্দিনত অংশগ্ৰহণ কৰা 95 শতাংশই কৰ'ণা ভাইৰাছৰ সংস্পৰ্শত আহিছে বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি ইয়াৰ তুলনাত গ্ৰামাঞ্চলৰ পৰা এজনো COVID 19 ত আক্ৰান্ত হোৱা নাই বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷
ইয়াৰোপৰি বৰ্তমান সময়ছোৱাত ৰাজ্যজুৰি থকা বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ, পঞ্চায়ত প্ৰতিনিধি, পৌৰসভা নগৰ সমিতিৰ প্ৰতিনিধিকে ধৰি মুঠ 28 হাজাৰ জনপ্ৰতিনিধিয়ে ৰাজ্যৰ 7 লাখ অসহায় লোকক সাহাৰ্য সামগ্ৰী বিতৰণ কৰা বুলি জানিবলৈ দিয়ে ৰণজিৎ কুমাৰ দাসে ৷ আনহাতে, বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদকৰ লগত হোৱা ভিডিঅ' কনফাৰেন্সত অসমৰ ৰাইজক চৰকাৰীভাৱে সাহাৰ্য বিতৰণ কৰাৰ কথা উল্লেখ কৰা বুলি জনাই বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, লকডাউন প্ৰক্ৰিয়া আগন্তুক 15 মে' লৈকে দীঘলীয়া হোৱাৰ ইংগিত পোৱাৰ কথা উল্লেখ কৰাৰ লগতে ৰাইজক এবাৰ ৰেচন দি যাতে ক্ষান্ত নাথাকে তাৰ বাবে BPL কাৰ্ড নথকা অসহায় তথা দৰিদ্ৰ লোকক ৰেচন দিয়াৰ ব্যৱস্থা কৰিবলৈ ৰণজিৎ কুমাৰ দাসক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই নিৰ্দেশনা দিয়া বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে ৷