ETV Bharat / state

চিৰাঙত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই - চিৰাং জিলা

বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে শনিবাৰে চিৰাঙত উপস্থিত হয় পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ অতি শীঘ্ৰে বানত বিধ্বস্ত হোৱা বাট-পথ সমুহ মেৰামতি কৰিবলৈ গড়কাপ্তানি বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

Minister Chandan Brahma visit to flood area Chirang district
চিৰাঙত ভয়ংকৰ বান পৰিস্থিতি !
author img

By

Published : Jun 27, 2020, 5:14 PM IST

চিৰাং, 27 জুনঃ চিৰাং জিলাৰ বিভিন্ন ঠাইত বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী চন্দন ব্ৰহ্মই । অতি শীঘ্ৰে বানত ক্ষতিগ্ৰস্ত হোৱা বাট-পথ সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী চন্দন ব্ৰহ্মই ।

চিৰাঙত ভয়ংকৰ বান পৰিস্থিতি !

শনিবাৰে চিৰাং জিলাৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা বান পৰিস্থিতিৰ লগতে বানাক্ৰান্ত লোক সকলৰ বুজ লয় অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই । বিষেশকৈ জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা, দেউশ্ৰি, আইপোৱালি, উত্তৰ দাখিনগাঁও, বেংতল-ভুৰতিনালি,বাসুগাঁও আদি বিভিন্ন ঠাইত বিগত কেবাদিনৰ পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত বানাক্ৰান্ত লোক সকলৰ বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে পথ সমূহৰ ব্যাপক ক্ষতি সাধন হয় ৷ ইতিমধ্যে বানত কোনো-কোনো অঞ্চলত যাতায়াত সেৱা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ৷

চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ, মন্ত্ৰী চন্দন ব্ৰহ্ম, গড়কাপ্তানি বিভাগৰ অভিযন্তা লগতে জলসিঞ্চন বিভাগৰ লোক সকলক লগত লৈ মন্ত্ৰী চন্দন ব্ৰহ্মই বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ বুজ লয় ৷ বানত বিধ্বস্ত হোৱা পথ সমূহ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীজনে । ভূটানৰ পৰা তিব্ৰগতিত নামি অহা পানীয়ে চিৰাং জিলাত ক্ষতি সাধন কৰে । অৱশ্যে বিগত বছৰৰ তুলনাত এই বৰ্ষত এতিয়াও চিৰাং জিলাত বানপানীয়ে বিশেষ ক্ষতি কৰা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক- স্তব্ধ শিৱসাগৰৰ জীৱন যাত্ৰাঃ লক ডাউনৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.