ETV Bharat / state

চিৰাঙৰ পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই - জিলাখনত কৰ‘ণা আক্ৰান্ত

জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্মই জিলাখনত কৰ‘ণা আক্ৰান্তৰ সংখ‍্যা বৃদ্ধি হোৱাৰ আশংকা‌ প্ৰকাশ কৰে ৷

Minister Chandan Brahma  Chirang  visit
চিৰাঙৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী চন্দন ব্ৰহ্ম
author img

By

Published : May 24, 2020, 10:31 PM IST

চিৰাং,24মেঃ চিৰাং জিলাত হঠাৎ ২৪ ঘন্টাৰ ভিতৰত ৬ জনকৈ কৰ‘ণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছতে আজি জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় জিলাখনৰ দ্বায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্মই । তেওঁ কয় যে 'বহি:ৰাজ‍্যত থকা আমাৰ অসমৰ লোকসকল অসমলৈ আহিবলৈ আৰম্ভ কৰিছে ৷ অসমত কৰ‘ণা আক্ৰান্তৰ সংখ‍্যা বৃদ্ধি পাইছে, এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হৈ সকলো নীতি নিয়ম অনুসৰি চলিলে নিশ্চয় ইয়াৰ পৰা কিছু সকাহ পাম ৷'

চিৰাঙৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী চন্দন ব্ৰহ্ম

তেওঁ আৰু কয় যে চৰকাৰীভাৱে ল'বলগীয়া ব‍্যৱস্থাৰ সমান্তৰালকৈ সকলো লোকেই সজাগ আৰু সচেতন হৈ সমাজখনক ৰক্ষাৰ বাবে আগবাঢ়ি আহিব লাগিব । ইপিনে বহিঃৰাজ‍্যৰ পৰা চিৰাং জিলাত প্ৰায় ৭ হাজাৰ লোক উভতি আহিবলগীয়া আছে যদিও এতিয়ালৈকে মাত্ৰ আঢ়ৈ হাজাৰ লোকেহে উভতি আহিছে । গতিকে জিলাখনত কৰ‘ণা আক্ৰান্তৰ সংখ‍্যা বৃদ্ধি পাব যদিও তাৰ চিকিৎসাৰ ব‍্যৱস্থাও কৰা হৈছে বুলি জনায় মন্ত্ৰী চন্দন ব্ৰহ্মই ।

লগতে পঢ়কঃ গোৰেশ্বৰৰ মহৰিপাৰাত উদ্ধাৰ দিল্লীৰ পৰা অহা যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.