চিৰাং, 10 অক্টোবৰ: চিৰাং জিলাৰ সদৰ কাজলগাঁৱত দেওবাৰৰ পৰা ১৫ অক্টোবৰলৈ সাতদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ৬১ সংখ্যক শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ (Lakshmi Puja celebrates in Chirang)। বৃহত্তৰ কাজলগাঁও অঞ্চলৰ জনসাধাৰণৰ মাজত ঐক্য, শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দ্যেশ্যেৰে ১৯৬১ চনৰ পৰাই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিভিন্ন কাৰ্য্যক্ৰমণিকাৰে পালন কৰি অহা এই পূজা তথা মেলাখন ১৯৯০ চনৰ পৰা আধুনিক মেলাৰ প্ৰতিটো উপকৰণেৰে উদযাপিত হৈ আহিছে ।
দেওবাৰে সন্ধিয়া পূজা আৰু মেলা মহোৎসৱখনি উদ্বোধন কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ ইয়াৰ পিছতে লক্ষ্মী পূজা মণ্ডপৰ উদ্বোধন কৰে বিটিচিৰ পাৰিষদ পানীৰাম ব্ৰহ্মই ৷ উল্লেখ্য যে, কাজলগাঁও যোগ্যালয় আৰু লক্ষ্মী মন্দিৰত লক্ষ্মী পূজাৰ লগতে ব্ৰহ্ম ধৰ্মৰ লোকসকলে যজ্ঞাহুতিৰে পূজা অৰ্চনা কৰে ৷ এই কাৰ্যসূচীত কাজলগাঁও অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে ৷
ইফালে বিধায়ক জয়ন্ত বসুমতাৰীয়ে কাজলগাঁৱৰ ৬১ সংখ্যক লক্ষ্মী পূজা আৰু মেলা মহোৎসৱে সকলো জনসাধাৰণৰ মাজত ভাতৃত্ববোধ আনিব বুলি আশা ব্যক্ত কৰে ৷ কাজলগাঁও লক্ষ্মী পূজা সমিতিৰ সহকাৰী সম্পাদক সঞ্জয় ছাত্ৰীয়ে আঁত ধৰা অনুষ্ঠানটিত অঞ্চলটোৰ কেইবাজনো লোকক সম্বৰ্ধনা জনোৱা হয় ৷ পূজা আৰু মেলা মহোৎসৱ উদ্বোধন অনুষ্ঠানত পূজা সমিতিৰ সভাপতি হিতেশ বসুমতাৰী, সাধাৰণ সম্পাদক ছবেন্দ্ৰ নাৰ্জাৰীসহ পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
উল্লেখ্য যে লক্ষ্মী পূজাত ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধনা কৰা হয় (Lakshmi Puja 2022) ৷ সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্যপ্ৰাপ্তিৰ কামনাৰে পালন কৰা হয় লক্ষ্মী পূজা । নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰে ভক্তপ্ৰাণ ৰাইজে ।
লগতে পঢ়ক: টীয়কত লক্ষ্মী পূজা উদযাপন