ETV Bharat / state

চিৰাঙত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ - জে এচ বি অসামৰিক চিকিৎসালয়

চলিত বছৰত জাপানীজ এনকেফেলাইটিছৰ ফলত চিৰাং জিলাত মৃত্য়ু হৈছে এজন লোকৰ । যাৰ বাবে সষ্টম হৈছে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগ । সোমবাৰে জিলাখনত আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান অভিযান ।

JE vaccination
চিৰাঙত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ
author img

By

Published : Nov 2, 2021, 1:29 PM IST

চিৰাং, ২ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis) প্ৰতিষেধক প্ৰদান অভিযান । বাকী জিলাবোৰৰ লগতে চিৰাং জিলাতো আৰম্ভ হৈছে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । সোমবাৰে জেএচবি অসামৰিক চিকিৎসালয়ত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

JE vaccination
চিৰাঙত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ

এই অনুষ্ঠানতে বিশিষ্ট ব্যক্তিসকলৰ লগতে কেইবাগৰাকী সাংবাদিকে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক গ্ৰহণ কৰে । প্ৰতিষেধক প্ৰদানৰ এই অভিযান মুকলি কৰি উপায়ুক্তগৰাকীয়ে জিলাবাসীক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । যিহেতু জাপানীজ এনকেফেলাইটিছ এক ধৰণৰ মাৰাত্মক ৰোগ আৰু ই ম’হৰ দ্বাৰা বিয়পে ৷ গতিকে নিজৰ লগতে সমাজখনক এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ১৫ বছৰৰ পৰা ৬৫ বছৰৰ সকলো লোককে এই প্ৰতিষেধক ল'বলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ।

ইফালে চলিত নৱেম্বৰ মাহৰ ভিতৰতে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি প্ৰতিষেধক প্ৰদান সামৰিব বুলিও তেওঁ জনায় । উল্লেখ্য যে, জিলাখনৰ বিভিন্ন ঠাইত ৫১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰি প্ৰতিষেধক প্ৰদান কৰে স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, যোৱা বছৰ চিৰাঙত ১১ গৰাকী লোক এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হয় আৰু তাৰ ভিতৰত ৯ গৰাকী আক্ৰান্ত হয় জাপানীজ এনকেফেলাইটিছ । অৱশ্যে ইয়াৰে এগৰাকীৰ মৃত্যু হয় । একেদৰে যোৱা বছৰ ৫২ গৰাকী মেলেৰিয়াত আক্ৰান্ত হৈছিল আৰু চলিত বৰ্ষত আক্ৰান্ত হৈছে ১২ গৰাকী লোক ।

যাৰ বাবে যোৱা বছৰ জিলাখনত মেলেৰিয়া নিয়ন্ত্ৰণ বিভাগে ১,৮৩,৯১৬ খন আঁঠুৱা বিতৰণ কৰিছিল আৰু এই বছৰ ৬ হাজাৰ লোকৰ আঁঠুৱা ঔষধিকৰণ কৰা হৈছে । ইতিমধ্যে নিয়মিতভাৱে মেলেৰিয়া আৰু ডেংগুৰ বাবে ঠাই বাচনি কৰি ধোঁৱা (ফগিং)দিয়া আৰু সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি থকা হৈছে বুলি জনাই জিলা মেলেৰিয়া বিষয়া শৈলেন কাকতিয়ে ।

লগতে পঢ়ক: ডাইনীৰ সন্দেহত জীৱন্তে জ্বলোৱাৰ চেষ্টা মহিলাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.