ETV Bharat / state

চিৰাঙত বন বিভাগৰ অভিযানত জব্দ 4 খনকৈ কাঠভৰ্তি বাহন - চিৰাং জিলা বন বিভাগ

চিৰাঙত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ চোৰাং কাঠসহ 4 খন বাহন । বন বিভাগৰে অভিযুক্ত কাঠ সৰবৰাহকাৰীৰ হতাহতি ৷ শূন্যলৈ গুলিচালনা বন বিভাগৰ। অভিযানত গ্ৰেপ্তাৰ এজন অভিযুক্ত ৷

4 খনকৈ কাঠভৰ্তি বাহন
4 খনকৈ কাঠভৰ্তি বাহন
author img

By

Published : Aug 14, 2020, 3:43 PM IST

চিৰাং, 14 আগষ্ট: চিৰাং জিলা বন বিভাগৰ তৎপৰতাত চোৰাং কাঠৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হয় 4 খনকৈ কাঠভৰ্তি বাহন ৷ অভিযানত বন বিভাগৰ লোকে ট্ৰাক কেইখন জব্দ কৰাৰ লগতে এজন অভিযুক্ত চোৰাং কাঠ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ৷ চিৰাং জিলাৰ বন বিষয়া ব্ৰহ্মানন্দ পাটিৰীয়ে জানিবলৈ দিয়া অনুসৰি,ভাৰত-ভূটান সীমান্তৰ মানাহ অভয়াৰণ্যৰ অদালগুৰীৰ পৰা নি থকা অৱস্থাত বেংতল থাইকাঝোৰাত কাঠসমূহ জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

চিৰাঙত বন বিভাগৰ অভিযানত জব্দ 4 খনকৈ কাঠভৰ্তি বাহন

থাইকাঝোৰাত 20-25 জনীয়া এটা কাঠ সৰবৰাহকাৰীৰ দলে অভিযানকাৰী দলটোত থকা বন বিভাগৰ লোকৰ লগতে,এছ.এছ.বিৰ জোৱান সকলক আক্ৰমণৰ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৰ সৈতে হতাহতিৰ সৃষ্টি হয় অভিযুক্ত চোৰাং কাঠ সৰবৰাহকাৰী কেইজনৰ ৷ যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বন বিভাগৰ লোকে শূন্যলৈ নিক্ষেপ কৰে কেইবা জাই গুলী ৷ তাৰ পাচতেই সেই স্থানৰ পৰা পয়ালন কৰে কাঠ সৰবৰাহকাৰীৰ দলটো ৷ চোৰাং কাঠখিনি জব্দ কৰাৰ লগতে বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত জন বামুনগাঁৱৰ প্ৰহিলা নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷ শুকুৰবাৰে অভিযুক্ত লোকজনক আদালতত হাজিৰ কৰায় বন বিভাগে ৷

লগতে পঢ়ক: গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.