ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে : হাগ্ৰামা মহিলাৰী

author img

By

Published : Dec 7, 2020, 10:31 AM IST

হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত লোৱাৰ অভিযোগ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ চিৰাঙৰ বিজনীত বিপিএফৰ সভাত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰে ৷ হিমন্ত বিশ্ব শৰ্মাক কেলেংকাৰীৰ মাষ্টৰ বুলি অভিযোগ কৰাৰ লগতে বহু কটু মন্তব্যৰে মন্ত্ৰী শৰ্মাক সমালোচনা প্ৰাক্তন বিটিচি প্ৰধান গৰাকীৰ ৷

chirang bpf meeting
হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে : হাগ্ৰামা মহিলাৰী

চিৰাঙ, 7 ডিচেম্বৰ: "য'ত হিমন্ত বিশ্ব শৰ্মা থাকিব তাত মই নাই ৷ হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ " এই মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ বিটিচি নিৰ্বাচনৰ মাজতে চিৰাঙৰ বিজনীত বিপিএফৰ সভাত অংশ লৈ মহিলাৰীয়ে এই মন্তব্য কৰে ৷ হিমন্তৰ মনোকামনা কোনোদিনে পূৰ্ণ ন'হব বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেলেংকাৰীৰ মাষ্টৰ আখ্যা প্ৰাক্তন বিটিচি প্ৰধান গৰাকীৰ ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেলেংকাৰীৰ মাষ্টৰ আখ্যা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

বিজেপিৰ বিৰুদ্ধে টকা বিলোৱাৰ অভিযোগ উত্থাপন কৰি মহিলাৰীয়ে মন্তব্য কৰে যে হিমন্তই এহেজাৰ কোটি টকা বিলালেও বিটিচিত জয়লাভ কৰিব নোৱাৰে ৷ বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাত বিপিএফে 21 খনৰ ভিতৰত 16 খন আসন লাভ কৰিব বুলি নিশ্চিত বুলি মন্তব্য কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ আৰু চিৰাঙৰ 19 খন আসনৰ ভিতৰত 15 খন আসন লাভ কৰিব বুলি মহিলাৰীয়ে মন্তব্য কৰে ৷

hagrama mahilari
বিটিচিত বিপিএফে এইবাৰো পৰিষদ গঠন কৰিব বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ

12 তাৰিখৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ নকৰিলে মান সন্মান একো নাথাকিব বুলি কটাক্ষ কৰাৰ লগতে মানুহ নথকাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিজ পুত্ৰক লৈ আনিব লগা হৈছে বুলিও মহিলাৰীয়ে মন্তব্য কৰে ৷ মহিলাৰীয়ে কয় যে হিমন্তই যিমানে সভা অনুষ্ঠিত কৰিলেও তেওঁ ইতিমধ্যে হাৰিছে সেয়ে তেওঁ পদত্যাগ নকৰিলে লাজত পৰিব ৷

উল্লেখ্য যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ প্ৰাকমুহূৰ্তত চিৰাং জিলাৰ বিজনীত বিপিএফৰ 17 নম্বৰ জনজাতি সুবাইঝাৰ সমষ্টি, 18 নম্বৰ জনজাতি সংৰক্ষিত মানাস ছেৰফাং আৰু 19 নম্বৰ থুৰিবাৰী মুকলি সমষ্টিৰ মনোনীত প্ৰাৰ্থীৰ সমৰ্থনত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ সভাত অংশ লয় আৰু সভাত ৰাইজৰ মাজত এইবাৰো বিপিএফে পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক:আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.